অসমীয়া সাঁথৰ

১. বগা বগা চাহাবে ৰঙা-ক’লা টুপি পিন্ধে, এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে --- জুইশলা ৷

২. এজনী কলী গাই ঘাটে ঘাটে পানী খায় --- বৰশী ৷

৩. হাবিত কাঁহে ওলাই নাহে --- কুঠাৰ ৷

৪. দেশ আছে মানুহ নাই, নদী আছে পানী নাই --- মানচিত্ৰ ৷

৫. ৰজাৰ ঘৰৰ ক’লী গাই ঘাটে ঘাটে পানী খায় --- বৰশী ৷

৬. পাত আছে ডাল নাই, কথা আছে মাত নাই --- কিতাপ ৷

৭. খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল --- নাৰিকল ৷

৮. পেট আছে পেটু নাই, মুখ আছে জিভা নাই --- কলহ ৷

৯. এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপমাৰি উঠে --- ঢেঁকী ৷

১০. ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি --- জিভা ৷

১১. ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন --- বুঢ়া আঙুলি ৷

১২. পেট আছে পেটু নাই, মুখ আছে জিভা নাই --- কলহ ৷

১৩. এঠেঙীয়া বগলী, নিতৌ নাচে গধুলি --- বিচনী ৷

১৪. কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয় --- বিড়ি ৷

১৫. মাকে বৰশী বায়, পুতেকে সৰগ চায় --- বাঁহ গছ আৰু বাঁহ গাজ ৷

১৬. ইহে সিহে পিঠিৰে দৌৰ দিয়ে কিহে --- নাও ৷

১৭. মাটিৰ তলৰ বগা বুঢ়ী, সাজ পিন্ধে কুৰি কুৰি --- নহৰু ৷

১৮. মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই --- ৰেডিঅ' ৷

১৯. কাণত ধৰি নাকত বহে --- চশমা ৷

২০. মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা --- জলকীয়া গছ (মাক) আৰু জলকীয়া পুতেক ৷

২১. উপি উপি বাটত আছে চুপি --- জোক ৷

২২. ওপৰত জুই, তলত পানী; বুঢ়াই থাকে টানি টানি --- ধঁপাত খোৱা হোকা-চিলিম ৷

২৩.গছৰ ওপৰত গুটি – গুটিৰ ওপৰত গছ --- মাটিকঠাঁল ৷

২৫. ৰজাৰ ঘৰৰ কাকবাহঁ , তাতে পৰে ৰাজহাঁহ; ৰাজহাঁহে কণী পাৰে , কোনে কিমান লেখিব পাৰে --- আকাশৰ তৰাবোৰ ৷

২৬.পৰ্বতৰ টিঙত ক’লী গাই চৰে; দুই পৰ্বতে হেঁচা মাৰি ধৰে --- দুই নখেৰে মৰে ওকনী ৷

২৭. দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট; বত্ৰিশ জোপা কলগছ , এখনেহে পাত --- জিভা ৷

২৮. এডাল ইকৰা ঘন ঘন গাঁঠি; সাগৰতে পেলালে ময়ূৰ যেন পাখি --- জাল ৷

২৯. এডাল খেৰে ঘৰটো বেঢ়ে --- চাকি (বান্তি) ৷

আগলৈ …

» বিপৰীতাৰ্থক শব্দ বা বিপৰীত অৰ্থ বুজোৱা শব্দ

» এটা শব্দত প্ৰকাশ কৰা

» অসমীয়া জতুৱা ঠাঁচ

» অসমীয়া বাক্য ৰচনা

» অসমীয়া ফকৰা-যোজনা

» অসমীয়া শব্দৰ লিংগ পৰিৱৰ্তন

» অসমীয়া সাঁথৰ

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,562
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,591
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,072