অসমীয়া লিংগ পৰিৱৰ্তন ৷৷ অসমীয়া ব্যাকৰণ লিংগ পৰিৱৰ্তন ৷৷ কিছুমান অসমীয়া পুংলিংগৰ পৰা স্ত্ৰীলিংগ শব্দৰ উদাহৰণ ৷৷ পুংলিংগৰপৰা স্ত্ৰীলিংগলৈ শব্দ পৰিৱৰ্তন কৰা

যি শব্দই পুৰুষ বুজাই তাক পুংলিংগ আৰু যি শব্দই স্ত্ৰীক বুজাই তাক স্ত্ৰীলিংগ বোলে ৷ যেনে – ল’ৰা পুংলিংগ আনহাতে ছোৱালী স্ত্ৰীলিংগ শব্দ ৷

কোনো পুৰুষ বা স্ত্ৰীক নুবুজোৱা অপ্ৰাণীবাচক শব্দবোৰক ক্লীৱলিংগ বোলে ৷ যেনে – শিল,কলম ইত্যাদি ৷

যিবোৰ শব্দই পুৰুষ আৰু স্ত্ৰী উভয়কে বুজাই তেনেবোৰ শব্দক উভয় লিংগ বোলে ৷ যেনে – সন্তান, শিশু ইত্যাদি ৷

কিছুমান অসমীয়া পুংলিংগৰ পৰা স্ত্ৰীলিংগ শব্দৰ উদাহৰণ তলত দিয়া হ’ল -

১. অঁকৰা – আঁকৰী ৷

২. অজলা – আজলী ৷

৩. অভাগা – অভাগী ৷

৪. ককা – আইতা ৷

৫. ককাইদেউ – নবৌ, বৌ ৷

৬. কলা – কালৰী ৷

৭. ক’লা – ক’লী ৷

৮. কলিতা – কলিতানী ৷

৯. কণা – কণী ৷

১০. কমাৰ – কমাৰণী ৷

১১. কান্দুৰা – কান্দুৰী ৷

১২. বৰলা – বিধৱা ৷

১৩. পেহা – পেহী ৷

১৪. পৈ – ঘৈণী ৷

১৫. পো – বোৱাৰী, জী ৷

১৬. প্ৰিয়তম – প্ৰিয়তমা ৷

১৭. দমৰা – চেঁউৰী ৷

১৮. দদাই – খুৰী ৷

১৯. দন্দুৰা – দন্দুৰী ৷

২০. দঁতাল – মাখন্দী ৷

২১. দাতা – দাত্ৰী ৷

২২. দ্বাদশ – দ্বাদশী ৷

২৩. দেৱ – দেৱী৷

২৪. ধোৱা – ধুবুনী ৷

২৫. খুৰা – খুৰী ৷

২৬. গোঁসাই – গোঁসানী ৷

২৭. নৰ্তক – নৰ্তকী ৷

২৮. নায়ক – নায়িকা ৷

২৯. গায়ক – গায়িকা ৷

৩০. নিলাজ – নিলাজী ৷

৩১. পগলা – পাগলী ৷

৩২. পঞ্চাদশ – পঞ্চাদশী ৷

৩৩. পুৰুষ – স্ত্ৰী ৷

৩৪. দৰা – কইনা ৷

৩৫. বন্দী – বেটী ৷

৩৬. বগা – বগী ৷

৩৭. বৰুৱা – বৰুৱানী ৷

৩৮. কোঁৱৰ – কুঁৱৰী ৷

৩৯. খাচিয়া – খাচিয়ানী ৷

৪০. পতি – পত্নী ৷

৪১. পাঠক – পাঠিকা৷

৪২. পাচক –পাচিকা ৷

৪৩. চতুৰ্থ – চতুৰ্থী ৷

৪৫. চৰকা – চৰকী ৷

৪৬. অধ্যাপক – অধ্যাপিকা ৷

৪৭. মহা – মাহী ৷

৪৮. পখৰা – পাখৰী ৷

৪৯. অভিনেতা – অভিনেত্ৰী ৷

৫০. ৰঙা – ৰাঙলী ৷

৫১. দেউতা – আই ৷

৫২. ডেকা – গাভৰু ৷

৫৩. টেঙৰ – টেঙৰী ৷

৫৪. জেঠা – জেঠী ৷

৫৫. ছাত্ৰ – ছাত্ৰী ৷

৫৬. চপল – চপলা ৷

৫৭. গুৱাল – গুৱালনী ৷

৫৮. চপনীয়া – চাপনী ৷

৫৯. চোৰ – চুৰুনী ৷

৬০. তৰুণ – তৰুণী ৷

৬১. তাৱৈ – আমৈ ৷

৬২. কিন্নৰ – কিন্নৰী ৷

৬৩. কিশোৰ – কিশোৰী ৷

৬৪. শাহুৰ – শাহু ৷

৬৫. লেখক – লেখিকা ৷

৬৬. ৰজা – ৰাণী ৷

৬৭. ভিনিহি – বাই ৷

৬৮. ভাই – ভনী ৷

৬৯. বেঙা – বেঙী ৷

৭০. বৈষ্ণৱ – বৈষ্ণৱী ৷

৭১. বোন্দা – জাঁই ৷

৭২. সৎ - সতী ৷

৭৩. সৰল – সৰলা ৷

৭৪. শালিকা – শালিকী ৷

৭৫. সখা – সখী ৷

৭৬. মগনীয়া – মগনী ৷

৭৭. বালক – বালিকা ৷

৭৮. বান্দৰ – বান্দৰী ৷

৭৯. বাঘ – বাঘিনী ৷

৮০. মানৱ – মানৱী ৷

৮১. বান্ধৱ – বান্ধৱী ৷

৮২. বিদ্বান – বিদূষী ৷

৮৩. বামুন – বামুনী ৷

৮৪. বলধ – গাই ৷

৮৫. বিদেশী – বিদেশিনী ৷

৮৬. বুদ্ধিমান – বুদ্ধিমতী ৷

৮৭. ভকত – ভকতনী ৷

৮৮. ভাগ্যৱান – ভাগ্যৱতী ৷

৮৯. নেতা – নেত্ৰী ৷

৯০. সভাপতি – সভানেত্ৰী ৷

৯১. ষোড়শ – ষোড়শী ৷

৯২. শিক্ষক – শিক্ষয়িত্ৰী, শিক্ষিকা ৷

৯৩. ভদীয়া – ভাদৈ ৷

৯৪. সি – তাই ৷

৯৫. সুন্দৰ – সুন্দৰী ৷

৯৬. মামা – মামী ৷

৯৭. মিতা – মিতিনী ৷

৯৮. মুনিহ – তিৰোতা ৷

৯৯. যুৱক – যুৱতী ৷

১০০. শ্ৰীমান – শ্ৰীমতী ৷

আগলৈ …


» বিপৰীতাৰ্থক শব্দ বা বিপৰীত অৰ্থ বুজোৱা শব্দ

» এটা শব্দত প্ৰকাশ কৰা

» অসমীয়া জতুৱা ঠাঁচ

» অসমীয়া বাক্য ৰচনা

» অসমীয়া ফকৰা-যোজনা

» অসমীয়া শব্দৰ লিংগ পৰিৱৰ্তন

» অসমীয়া সাঁথৰ

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:442
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,885
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,089
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,398
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,240