আকাশীযানেৰে --- কিশোৰ বড়ো

দিঠকৰ বননিখনৰ পৰা
আমি উৰা মাৰো

পাক এৰি এৰি
নিজস্ব পাক এটা লৈ
জিঞা এটি হৈওঁ উৰি উৰি
কৃত্ৰিম আকাশত ভ্রমিলোঁ
এখন আকাশীযানেৰে

পাঁচ পাল্লাৰ খিৰিকিৰে তললৈ চালো
সৌৱা….পৃথিৱীখনত ৰঙাকৈ দলিচা
টিপ টিপ জোনাকী পৰুৱাৰ পোহৰ
থপিয়াই চিঙো
আনন্দৰ ডাৱৰ

বেলিৰ দেশ পাবলৈ বেছি পৰ নাই
সৌৱা চোৱা…পৰুৱাবোৰ টানি টানি দলিচা ফালিছে
দলিচাৰ পৰা ওলাইছে
কৃত্ৰিম বানৰ ৰক্তিম জোৱাৰ

চোৱাচোন চোৱা ভাওনা পাতিছে
ৰাৱণ আছে ৰাম নাই
ৰঙ-বিৰঙৰ মুখা পিন্ধা ভাওঁৰীয়া

কালৰো কাল বিপৰীত কাল
মানুহৰ দেহত গঁড়ৰ ছাল

হাতচাপৰি বজোৱা হাতচাপৰি
কি দুৰ্দান্ত নিপুন ভাওঁ
দুশাসনৰ দ্রৌপদীৰ বস্ত্ৰ হৰণ
আনন্দ-বিদ্রুপৰ অট্টহাঁস্যত মগ্ন দুৰ্য্যোধন

সৌৱা…ৰথত কৃষ্ণ আহিছে
বান ৰজাৰ সহযোগী প্রভূ মহাদেৱ
হৰিহৰৰ বুকুৰ পৰা নিগৰি ওলাইছে
আলাপ-সংলাপ, মৃত্যুৰ চিঞৰ

হঠাৎ
মেঘৰ চাপৰিবোৰত উমলি থাকোঁতে
এজাক চাকনৈয়াত পৰি
ধুপুচকৈ সৰি পৰিলোঁ
সপোনৰ আকাশীযানৰ পৰা

সৰি পৰিলোঁ য’ত
সেয়া লাওখোলাৰে ভৰি থকা ঘৰ
পৃথিৱীৰ বালিচৰ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:194
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,884
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,683
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,734
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,731
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:200