আগমন ---- শ্ৰীমুনমী ভট্টাচাৰ্য

আহিবাচোন কেতিয়াবা
এজাক ধুমুহা হৈ,
সেইদিনা তোমাৰ অভিমানবোৰ
সাৱটি ল'ম ।
বাঁহীৰ সুৰত মাতাল হোৱা
সেউজীয়া সঁইচ বোৰৰ
খবৰ ল'ম ।
নাঁঙ্গলৰ যুঁৱলিত লাগি থকা
কেঁচা মাটিৰ সতেজ পৰশত
গৰ্বখিনিৰ বিনাশ ঘটাম ।
আহিবা সময় পালে চাবলৈ
এই অকৃত্ৰিমতাক ।
বুকুৰ বিশালতাত ৰৈ
নৈৰ ৰূপোৱালী বালিচৰত
বহি কথা পাতিম ।
আহিবাচোন জিৰাবলৈ,
মৌন ওঁঠৰে বোৱাই দিম
শব্দৰ কলৰোল ।
একেলগে জোনাকৰ বাগিচাত
হৃদয়ৰ স্পন্দন বিলাম ।
বৰষাৰ ৰিমঝিম ছন্দত
গীতৰ ছুনামি নমাম ।
আহিবাচোন এখন্তেক জিৰাবলৈ
মোৰ সেউজী বাগিচাত ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,486
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,445
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,544
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,394
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:868
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,774