আত্মীয় --- ৰিমকি ভাগৱতী

অ' মোৰ আত্মাৰ সংগী সকল,

কুশলে আছানে.....

মোৰ হৃদয়-মন্দিৰত

বাজি উঠা

প্ৰতিটো শঙ্খৰ ধ্বনিত

তোমালোকৰেই

সুখৰ কামনা ।

তোমালোকৰ চকুত ফুলিলে আশাৰ ফুল

মোৰো হিয়াত গজি উঠে ক'ত যে হেঁপাহ ,

আৰু যদি হঠাতে অবতৰিয়া এজাক বৰষুণে

জুৰুলি -জুপুৰি কৰেহি তোমালোকক,

মোৰো বুকুলৈ নামি আহে বাৰিষাৰ ঢল ।

সুখেই হওঁক অথবা দুখ

হাতত দিয়া তুলি দুহাত ,

একেলগে আগুৱাই গলে সময়েই

সাজি দিবহি জীৱন উদযাপন কৰাৰ বাট ।

আহাঁ আমি ক্ষণভংগোৰ এই দুনিয়াক

প্ৰত্যাহ্বান জনাই ,

বিশ্বাসৰ ভেটিৰে ...

স্নেহৰ ইটা - বালিৰে...

মৰমৰ ৰঙেৰে ...

সাজি উলিৱাওঁ সেই শাশ্বত মহল,

য'ত আমি সন্তুষ্টিক কৰিম আমাৰ দাৰোৱান,

সুখক দাস ,

আৰু দুখ ক অতিথিৰ দৰে বহুৱাই কৰিম ক্ষতকাৰ,

দুখ নিগাজিকৈ থাকিব খুজিলে

বান্ধি দিম দিয়া এটি সুকীয়া ঘৰ বুকুত ....

আৰু দুখে যদিহে পচাই পেলাব খোজে সুখ,

তথাপিও প্ৰস্বয় দিম দুখক

পচিলেহে গুটি গজালি মেলাৰ দৰেই

সুখেও গজালি মেলিব এদিন

আৰু ........

হে মোৰ আত্মাৰ সংগী সকল

সেউজী হব আমাৰো হেঁপাহ ৰ পৃথিৱী ॥

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,776
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,696
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,402
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,207
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,598