আদৰ্শ (এক উন্মাদনা) --- হেমেন নাথ

দ্ধিধাগ্ৰস্ত এটি আবেলি ৷

খালী চাহৰ কাপ

মৌন ওঠ

যদিও

হৃদয়ত অলেশ প্ৰশ্ন ৷

উচিত – অনুচিতৰ খেল ৷

পথচাৰিৰ চকুত কৌতুহল

আৰু মনত হেজাৰ সংশয়

গতানুগতিক এক জীৱন ৷

এয়াটো মই বিচৰা নাই,

বিচৰা নাই কাহাঁনিও ৷

চকু চাট মাৰি যোৱা ৰঙীন পোহৰৰ

মাজতো, হৃদয়খনি সোমাই আছে,

ছিদ্ৰহীন এক অন্ধকাৰ কোঠাত ৷

প্ৰতিবাদ কৰি উঠে কেতিয়াবা ৷

কেঁচা তেজৰ চমকনি

এতিয়াও বৈ আছে

সিৰাই- উপসিৰাই ৷

আদৰ্শৰ বাটেৰে যোৱাবোৰ জানো উন্মাদ ?

দূৰ্নীতিৰ চাতুৰ্য্যৰে

ঐশ্বৰ্য্যৰ পাহাৰ গঢ়াবোৰ

কি ?

আদৰ্শ অবিহনেও মানুহ জীয়াই থাকিব

পাৰেনে ?

হয়তো , পাৰে ?

নহ’লে মানুহ ইমান হিংস্ৰ হয়নে ?

উন্মাদ, পথভ্ৰষ্ট ৷

তথাপিও,

আদৰ্শ জীয়াই আছে ৷

আদৰ্শৰ চিৰসেউজ মন্দিৰ

এতিয়াও চিকুনাই ৰাখিছে ৷

আদৰ্শৰ বাটেৰে যোৱা পথিকে ৷

আদৰ্শ আছে, যাৰ হৃদয় আছে

আদৰ্শ আছে, যাৰ প্ৰকৃত জীৱন আছে

আৰু য’ত,

কেঁচা তেজৰ নদী বৈ আছে,

চিৰদিন ৷

আদৰ্শ আছে তাত ৷

+++++++++++++++++++++

Hemen Nath Niyor
Mobile no : 9577154579

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:194
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,884
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,734
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,731
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,652