আহিনৰ তিনিটা স্কেচ্ ---- পলাশ প্ৰান্তিক

(১)

আহিনৰ পথাৰত
গাখীৰতী থোকবোৰে
খেতিয়কৰ প্ৰাণলৈ কঢ়িয়াই আনে
এবুকু প্ৰতিশ্ৰুতি

(২)

নৈ বালিচৰৰ
জাওঁবনৰ মাজত
কঁহুৱাৰ উন্মুক্ত বুকু ঢাকিবলৈ
আহিনে কুঁৱলীৰ বগাসাজযোৰ পিন্ধাই
কুঁৱলী আৰু কঁহুৱা
অভিন্ন আত্মা ইজনে সিজনৰ

(৩)

আহিন আহিলে
পদুলি মুৰত থকা শেৱালী জোপা
লহপহকৈ বাঢ়ে
শেৱালী ফুলৰ আমোলমোল গোন্ধই
সকলোকে সোঁৱৰাই দিয়ে
শৰতৰ উপস্হিতি

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,571
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,603
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,329
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,586
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,967
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,084