উজ্জ্বল গুচি এন্ধাৰ হ’ল --- উজ্জ্বল শৰ্মা

চিনি পাইছানে মোক ?
সেই যে ক্ষীণকৈ লাজকুৰীয়া ল’ৰাতো,
প্রতিতো কথাতে বেঙাৰ দৰে হাঁহি থকা
সেই যে অকৰাতো ।
অ’, মই সেই অকৰাতোৱেই কৈছো ।

এদিন এই বেঙাতোৰেই প্রেমত পৰিছিলা,
লাজকুৰীয়া হাঁহিটিতে ভোল গৈছিলা,
মোৰ অকৰামিবোৰতে প্ৰাণ খুলি হাঁহিছিলা ।
পিছত কি হ’ল ?
যে লাহে লাহে মোক সলনি কৰিব ধৰিলা ?

পৰিবৰ্তনৰ বতাহ এনেকৈ লাগিল যে,
হাঁহিত লাজ গুচি কপটতাৰ প্রতিফলন হ’ল,
অকৰা ল'ৰাতো লাহে লাহে চালাক হ’ল,
প্রিয় ৰঙটিও এতিয়া বগাৰ ঠাইত
ক'লালৈ সলনি হ’ল ।

সেইয়া বাৰু থিকেই আছে,
বতাহজাক গ’ল ।
পিছত, সেই বতাহৰ পম খেদি
বিচ্ছেদৰ আগমন হ’ল ।
তাৰপিছত চোন একোৱেই মোৰ হৈ ন’ৰল,
শেষত, লাহেকৈ মোৰ নামটিও
উজ্জ্বল গুচি এন্ধাৰ হ’ল।

+++++++++++++++++++++++++++

-উজ্জ্বল শৰ্মা
গুৱাহাটী
+919158545398

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,019
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:233
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,563
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,766
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,779
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:188