উপলব্ধি ---- সত্যম কুমাৰ

আমি বাৰু জাগৃত নিদ্ৰাত মগ্ন হৈ পৰা নাইনে

ভাল বোৰক বেয়া আৰু বেয়া বোৰক ভাল দেখিবলৈ লৈছো
সচা বোৰক মিছা আৰু মিছা বোৰক সচা ভাবিবলৈ লৈছো
আপোনজনক পৰ আৰু পৰ জনক আপোন মানিছো
মানুহৰ ভেশ ধৰি দানৱৰ কৰ্মৰে ৰঞ্জিত হৈ পৰিছো

আমি বোৰ বাৰু খেলিমেলি হৈ পৰিছো নেকি

মাথো সন্মানিয় উপাধি বোৰ লৈ অশিক্ষিত হৈ পৰিছো নেকি
সমাজ খনৰ প্ৰতিযে দায়িত্ত্ব আছে পাহৰি পেলাইছো নেকি
দলিয়াই পেলাইছো নেকি একতাৰ এনাজৰি বোৰ
মোহাৰি পেলাইছো নেকি ভাতৃত্ব বোধৰ মৰম বোৰ

আমি যে শিক্ষিত তাক উপলব্ধি কৰাৰ সময় আহি পৰা নাইনে
আমি যে মানুহ তাক ভাবি চোৱাৰ সময় আহি পৰা নাইনে

নিশ্চয় পৰিছে, ন’হলে নিমিষতে হেৰাই যাব
মানুহ নামৰ শব্দতো ভগৱানৰ শব্দ কোষৰ পৰা

+++++++++++++++++++

Satyam Kumar Sahu, B.Sc,MBA
Dhemaji, Assam

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,566
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,011
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,772
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,797