এই জুইকুৰা ময়েই জ্বলালোঁ --- কিশোৰ বড়ো

ঘৰৰ ভিতৰত ঘৰ
চি এ ফেল লাইটৰ পোহৰ
বাহিৰত আন্ধাৰৰ আৰাও
মানুহৰ দাম নাই

কোনে কাটে ৰেপি ৰেপি
দিন আৰু ৰাতিৰ
দুহাত-দুভৰি
কাৰ ইচ্ছাত চলচলীয়া
দিন আৰু ৰাতিৰ দুচকু

চৰাইৰ পৰা কণী
নে কণীৰ পৰা চৰাই
সিহঁতৰ ভাৱিবৰ অৱকাশ নাই

কাৰ মগজুৰ পৰা উৰি আহিছে
শিলাবৃষ্টি আৰু চ’তৰ বৰদৈচিলা
আউলি-বাউলি মোৰ ভাৱনাৰ চুলি

জুই একুৰা জ্বলাই দিলোঁ

কৃষ্ণচূড়াৰ ৰঙা নিচান উৰিছে
সোণাৰুৰ হালধীয়া হাঁহি ফুলিছে
উৰ্ব্বৰা হৈ উঠিছে মোৰ বুকুৰ মাটি
সম্ভাৱনা আৰু পৰিবৰ্তনৰ বীজ গঁজিছে

মৰি থকা মানুহক
পুনৰ জীৱন দিবলৈয়ে
এই জুইকুৰা ময়েই জ্বলালোঁ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,766
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,207
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:233
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,728