একলব্য --- অৰুণাভ কুমাৰ নাথ

নিজৰ ঐকান্তিক প্ৰচেষ্টা আৰু গুৰু দক্ষিণাৰ বাবে জগতত নিজ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা মহাভাৰতৰ এক উল্লেখযোগ্য চৰিত্ৰ হৈছে একলব্য ৷ নিষাদ ৰাজ হিৰণ্যধনুৰ পুত্ৰ আছিল এওঁ ৷ প্ৰচণ্ড আত্মবিশ্বাসী একলব্যই মহাভাৰতত এক উল্লেখযেগ্য আসন অধিকাৰ কৰি আছে ৷

শৈশৱত ধনুবিদ্যা যাৰ শিক্ষা লাভ কৰাৰ উদ্দেশ্য একলব্য আচাৰ্য দ্ৰোণৰ কাষ চাপে ৷ কিন্তু নিষাধক অস্ত্ৰ শিক্ষা দান নিদিও বুলি দ্ৰোণই একলব্যক নিৰাশ কৰে ৷ দ্ৰোণৰ ওচৰত উপেক্ষিত একলব্য নিজ ৰাজ্যলৈ ঘুৰি নগৈ অৰণ্যলৈ গুচি গল আৰু অৰণ্যতেই আশ্ৰম পাতি, গুৰু দ্ৰোণৰ এক প্ৰিতমুৰ্তি প্ৰতিস্থা কৰি তেওঁকেই মানস গুৰু মানি ধনুবিদ্যাৰ চৰ্চা কৰিবলৈ ধৰে ৷ ক্ৰমে ক্ৰমে নিজৰ সাধনাৰ বলত তেওঁ ধনুবিদ্যাত নিপুণ হৈ পৰে ৷

এদিনৰ কথা গুৰু দ্ৰোণই কৌৰৱ-পাণ্ডৱ ৰাজকুমাৰ সকলৰ সৈতে বনলৈ গৈছিল ৷ সেই বনতেই আছিল একলব্য ৷ ৰাজকুমাৰসকলৰ লগত গৈছিল কিছুমান কুকুৰ ৷ কেইটামান কুকুৰ বনৰ মাজত ঘুৰি ফুৰুতে একলব্যৰ আশ্ৰমৰ কাষত উপস্থিত হল আৰু একলব্যক দেখি ভুকিবলৈ ধৰিলে ৷ কুকুৰৰ ভুকভুকনিত অতিষ্ঠ হৈ একলব্যই কুকুৰকেইটালৈ লক্ষ্য কৰি এনে কৌশলেৰে শৰ প্ৰহ্ৰ কৰিলে যে কুকুৰ কেইটাৰ মুখো বন্ধ হল আৰু সিহঁতে কোনো আঘাটো নাপালে ৷ ভয় খাই কুকুৰকেইটা ৰাজকুমাৰসকলৰ কাষ পালেহি ৷ কুকুৰকেইটাৰ অৱস্থা দেখি ৰাজকুমাৰ সকলৰ লগতে স্বয়ং দ্ৰোণও আচৰিত হ’ল ৷ তেওঁলোকে এই আচৰিত কৌশলৰ যোদ্ধাজনক বিচাৰি কুকুৰকেইটাক অনুসৰণ কৰিলে ৷ গৈ গৈ তেওঁলোকে একলব্যৰ আশ্ৰম পালে আৰু একলব্যক গুৰু দ্ৰোণৰ প্ৰতিমুৰ্ত্তিৰ সন্মুখত একলব্যক ধনুবিদ্যাৰ চৰ্চা কৰি থকা দেখি সকলো আচৰিত হ’ল ৷ একলব্যই গুৰু দ্ৰোণক দেখি সেৱা জনালে ৷

গুৰু দ্ৰোণই একলব্যক সুধিলে, তোমাৰ গুৰু কোন ?

একলব্যই দ্ৰোণৰ প্ৰতিমুৰ্ত্তিৰ ফালে আঙুলিয়াই উত্তৰ দিলে, আপোনিয়েই মোৰ মানস গুৰু ৷
দ্ৰোণাচ্ৰ্য্যই মনত পৰিল যি ধনুবিদ্যাক ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ মাজত সীমাবদ্ধ ৰাখিব বিচাৰিছিলো আৰু অৰ্জুনক ধৰণীৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ ৰূপে প্ৰতিষ্ঠত কৰিব বুলি দিয়া প্ৰতিশ্ৰুতিৰ কথা ৷

তেওঁ একলব্যক ক’লে গুৰুক দক্ষিণা দিয়া শিষ্যৰ কৰ্তব্য ৷

একলব্যই দ্ৰোণক যি দক্ষিণা বিচাৰে তাকেই দিম বুলি প্ৰতুশ্ৰুতি দিলে ৷

দ্ৰোণই একলব্যৰ পৰা সোঁহাতৰ বুঢ়া আঙুলিটো বিচাৰিলে ৷ একলব্যই কোনো কুণ্ঠাবোধ নকৰাকৈ নিজৰ বুঢ়া আঙুলি কাটি দান কৰিলে দ্ৰোণাচাৰ্যক ৷

আঙুলি দানৰ পাছতো একলব্য নিৰাশ নহ’ল ৷ তেওঁ নিজ ৰাজ্যলৈ গুচি গল আৰু পুনৰ কঠোৰ সাধনাৰে বুঢ়া আঙুলি নোহোৱাকৈয়ে ধনুশৰ চলোৱাত দক্ষতা অৰ্জন কৰিলে ৷

পিতৃৰ মৃত্যুৰ পাছত একলব্য নিষাধ ৰাজ্যৰ ৰজা হয় ৷ সুশৃংখলিতভাৱে ৰাজ্য শাসন কৰাৰ লগতে এক সুসংগঠিত সৈন্য বাহিনী গঠন কৰি ৰাজ্যৰ সীমা বিস্তাৰ কৰে ৷

এই সময়ছোৱাতে শ্ৰীকৃষ্ণই ভাতৃ বলোৰাম আৰু অনান্য সহচৰবোৰৰ লগত জৰাসন্ধৰ ভয়ত আহি নিষাধ ৰাজ্যৰ পশ্চিম দিশত থাকিবলৈ লয় ৷ এই কাৰ্যত একলব্যই কৃষ্ণক কোনো বাধা প্ৰদান কৰা নাছিল বৰং সহায়হে কৰিছিল ৷
পাছত যেতিয়া কৃষ্ণ সহিতে যদুকুলে দ্বাৰকাত বাস কৰিবলৈ ললে লাহে লাহে তেওঁলোকে নিজ প্ৰভাৱ বিস্তাৰ কৰিবলৈ ল’লে ৷ কৃষ্ণই এই সময়তে নাৰায়ণী সেনা লাভ কৰে ৷ কৃষ্ণভাতৃ বলোৰামৰ নেতৃত্বত যদুসেনাৰ এটা শক্তিশালী দলে নিষাদ ৰাজ্যৰ সীমাত আক্ৰমণ কৰিবলৈ আহিল ৷ এনে পৰিস্থিতত একলব্যৰ আৰু যদুসেনাৰ মাজত যুদ্ধ নিশ্চত হৈ পৰিল ৷ একলব্যই সেনাপতিৰ নেতৃত্বত এটা দল বলোৰামক বাধা দিবলৈ পঠিয়ালে ৷ কিন্তু বলোৰামৰ হাতত পৰাজিত হল ৷ সেয়ে একলব্য নিজেই ওলাল যুদ্ধৰ হেতু ৷ একলব্য আৰু বলোৰামৰ মাজত ভীষণ যুদ্ধ হয় ৷ যুদ্ধত বলোৰামৰ শোচনীয় পৰাজয় হয় ৷ বলোৰামৰ পৰাজয়ত নিষাধ সেনাৰ লগতে একলব্যও আনন্দত আত্মহাৰা হৈ পৰে আৰু বিজয় দুন্দুভি বজাবলৈ ধৰে ৷ সেই সময়তে আন কৰবাৰ পৰা নাৰায়ণী সেনাৰে সৈতে যুদ্ধ কৰি উভতি অহা কৃষ্ণই পাছফালৰ পৰা অতৰ্কিতে আক্ৰমণ চলায় ৷ এই অপ্ৰত্যাখিত আক্ৰমণৰ বাবে একলব্য প্ৰস্তুত নাছিল ৷ ফলত কৃষ্ণৰ হাতত ৰক্তাক্ত হৈ একলব্য মাটিত বাগৰি পৰে ৷ এনেকৈয়ে কৰুণ মৃত্যুক সাৱটি ল’লে একলব্যই ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,842
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,828
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,314
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:442
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,116
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,243