একুৰিয়াম --- অৰুণাভ কুমাৰ নাথ

কাচৰ স্বচ্ছ দেৱালত বাৰে বাৰে ঠেকা খাই জীৱনৰ ছন্দময় গতি
দুৰ্ভাগ্য আৰু বিপৰ্য্যয়ৰ পাত্ৰপুৰ্ণ জলৰাশিৰ মাজত চকুলো টোকে সিহঁতে
সেয়া সিহঁতৰ বিধস্ত সময়, শতধাবিদিৰ্ণ জীৱনকাল
অনিশ্চয়তা আৰু বিশ্বাসহীনতাই নিমিজ্জিত কৰিলে জীৱন ৷

এক সৰ্বনশীয়া মুহুৰ্তত প্ৰৱেশ ঘটিছিল সিহঁতৰ
নিৰ্মম বান্ধোনেৰে বন্দী কৰি নিক্ষেপ কৰিছিল
ভাগ্যৰ অমোঘতাৰ চকৰীত জীৱন ধাৱিত হয় তাত
প্ৰচণ্ড বহ্নিহম ক্ৰোধ ক্ষণে ক্ষণে প্ৰকাশিত হয় সিহঁতৰ মুখমণ্ডলত৷
উত্তেজনাৰ বশীভূত হৈও সিহঁতি প্ৰতিবাদ কৰিব নোৱাৰে, সিহঁত বোবা ৷

নিথৰ দুচকুত সপোন নাই
আছে মাথো নিভৃত আন্ধাৰ, স্বাধীনতাৰ চিৰন্তন সন্ধান
সিহঁত মাছ
বন্দী সিহঁত একুৰিয়ামৰ ভিতৰত

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,409
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,073
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:319
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,575
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,395
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,461