এক অন্তহীন অপেক্ষা --- অভিনন্দন গোস্বামী

শীতৰ বৰষুণে সেমেকা কৰা গুৱাহাটীৰ এক আবেলি
হাজাৰ হাজাৰ বিলাতী গাড়ীৰ লাইটৰ পোহৰৰে চিকমিকাই যোৱা ৰাজপথলৈ চাই
হাতত ৰঙা গোলাপৰ পাহি এটি লৈ…..
তাই অহাৰ আশাত অপেক্ষাৰত মই ৷

ঠেঁটুৱৈ লগা জাৰত তাই মৰমতে গুঠি দিয়া উলৰ টুপিটো মূৰত পিন্ধি
জু-ৰোডৰ বাছ ষ্টপত বহি পৰিছো মই…..
হাজাৰ হাজাৰ মানুহ পাৰ হৈ গৈছে আগেদি
কাৰো যেন এই প্ৰেমিকৰ ফালে চাবলৈ অলপো আহৰি নাই
তথাপি মই আশাবাদী
হাতত ৰঙা গোলাপৰ পাহি এটি লৈ ……
তাই অহাৰ আশাত অপেক্ষাৰত মই ৷

দূৰৈৰ পৰা অহা এক সুমধুৰ সুৰৰ মূচর্ছনাত নিজকে যেন পাহৰি পেলালো মই
বুৰ গলো এক গভীৰ কল্পনাৰ সাগৰত……
পলকতে সাৰ পালো এক অজান আশংকাত!!
কিজানিবা নাহে তাই..
তথাপি মই আশাবাদী
হাতত ৰঙা গোলাপৰ পাহি এটি লৈ …
তাই অহাৰ আশাত অপেক্ষাৰত মই ৷

সময়ৰ কাটা দৌৰিছে, গোলাপৰ পাহিটিও যেন মৰহিবলৈ ধৰিছে
ৰাজপথত চিকমিকাই থকা লাইটৰ পোহৰো লাহে লাহে নোহোৱা হৈছে
ফুটপাথত বহি থকা আইতা এগৰাকীয়ে কাণে কাণে কৈ গ’ল মোক
‘ৰাতি হ’ল ভাইটি,,ঘৰলৈ যোৱা’
চাৰিওকাষৰ নিস্তব্ধতাত যেন জঠৰ হৈ পৰিলো মই
তথাপি মই আশাবাদী

হাতত ৰঙা গোলাপৰ পাহি এটি লৈ….
তাই অহাৰ আশাত অপেক্ষাৰত মই ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:907
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,437
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,486
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,544
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,394