এটায়ে সুৰুয এটায়ে পোহৰ --- জোন কলিতা

আছে আমাৰ
এটায়ে সুৰুয এটায়ে পোহৰ,
বিলাবলৈ ৰ’দ – কাঁচলি আমাক ৷
যি যোগাই ধৰণীক
সুপ্ত মগজু,
সেউজীয়া মন আমাৰ ৷

যি সচাঁ সদায়ে সচাঁ,
মিছা প্ৰলেপ সানি
কোনো নাভ নাই ৷
সুৰুযে দিব পোহৰ
সুৰুযক ঢাকি লাভ নাই ৷
ৰংচঙীয়া আচ্ছাদন বোৰ মছি পেলা সিহঁতৰ,
যি কৰে মিছাক সচাঁ সচাঁকো মিছা ৷
যি সজাই বেয়াক ভাল ভালক বেয়া ৷

বাহ্যিকতাক আওঁকাণ কৰি
অৰ্ন্তমূখী আহ্বানক হৃদয়ংগম কৰাহি ৷
আহিছে সময় উঠক জোঁৱাৰ,
পৰিৱৰ্ত্তন লাগে আমাক ৷
পৰিৱৰ্ত্তন আমাৰ চিন্তা – ধাৰণাৰ,
পৰিৱৰ্ত্তন আমাৰ জাতীয় – চেতনাৰ
পৰিৱৰ্ত্তন হওঁক স্বভাৱ – চৰিত্ৰৰ,
পৰিৱৰ্ত্তন এই মানৱীয় – মূল্যবোধৰ,
উৰ্ধ্বগামী হওঁক পূৰ্ণাংগ দিশৰ ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,120
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,703
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,661
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,586