এটি কবিতাৰ সন্ধানত --- ৰিয়ান স্মিথ্

কবিতা এটি বিচাৰি ফুৰিছিলো

যোৱা কেইদিনমানৰ পৰা,

আলিয়ে ,গলিয়ে,ৰাস্তাৰ মাজেৰে

বিচাৰি চলাথ কৰিলো ,

ক'তো নাপালো তাইৰ হেৰুৱা ঠিকনা |

ৰাতিৰ আন্ধাৰত সৰি পৰা

জোনাকৰ শব্দবোৰ খোপিয়াই

নিয়ৰৰ টোপাল বুটলি ফুৰোতে

সিদিনা খবৰ পালো হঠাতে,

তাই হেনো আজিকালি

কবিতা হৈ ভাল নাপায়

সেয়ে গুচি গৈছে কোনোবা

চিত্ৰ শিল্পীৰ কাষলৈ,

বুকুত সানি লৈছে ৰঙৰ বোল

পিন্ধি লৈছে দুখৰ চোলা,

তাইৰ ছবিখন আৰি দিয়া হৈছে

প্ৰদৰ্শনীৰ মাজ মজিয়াত,

বহুতৰ কেমেৰাৰ মাজত

আবদ্ধ তাইৰ দুনয়ন,

ভিৰবোৰ ঠেলি সোমাই গৈছিলো

আজুৰি আনিব খুজিছিলো

তাইক ছবিৰ মাজৰ পৰা,

তাইৰ দুচকুৰ পৰা নিগৰিত

তপত চকুলোবোৰ

শব্দৰ দুহাতেৰে বুটলি লৈছিলো,

মই বিচাৰি ফুৰা কবিতাটি

সেই ছবিখনতে সোমাই আছিল

বহু দিনৰ অপেক্ষাত |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,084
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,470
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,351
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:758
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,492