ওৰণি --- দাদুল ভূঞা

ৰভাৰ তলিত তেওঁ ওৰণি খনৰে
ঢাকিছিল তেওঁৰ মুখ,
ওৰণিৰ তলত লাজ
লাজকৈ হাহিঁ এটা মাৰিছিল
ন-কইনা জনী হৈ আহিবৰ দিনা
দেউতাই দেখা নাছিল তেওঁৰ মুখ
তেওঁৰ তিলফুলীয়া ওঁঠৰ হাহিঁ।
লাহে লাহে অচিনাকি ঘৰখন
চিনাকি হ'ল
অচিনাকি মানুহবোৰ চিনাকি হ'ল
তেওঁৰ ওৰণি খনৰ ফাঁকেৰে কপাল
দেখা হ'ল।
দেউতাক চাহ কাপ ওপৰৰ পৰাই দিব
পৰা হ'ল,
তামোলৰ বটাতো আনলৈ ঠেলি দিব
পৰা হ'ল।
লাহে লাহে ওৰণি খনৰ
ফাকেঁৰে জিলিকি উঠিল
নেঘেৰী কলডিলীয়া খোপা
তাৰ পিছত তেওঁৰ মেঘালি চুলী।
এতিয়া তেওঁ পাহৰিলে চাদৰ- মেখেলা,
পিন্ধিলে দেশী বিদেশী শাৰী,
শাৰীয়েও আমুৱালে
তেওঁ পিন্ধিলে ৰঙা, নীলা চুইজাৰ
নাইবা কূর্টা,
কপালৰ ৰাঙলী জোনটো হেঁৰাল চুলিৰ
ফাকঁত।
এতিয়া ৰাংঢালী পখিলী জনী হৈ ঘূৰি ফুৰে তেওঁ
এৰাল চিঙা ডেকাবোৰে লগ
পালে জোকাই তেওঁক।
তেওঁৰ খং উঠে,তেওঁ আহি মোক কয়,
মই কওঁ বোৱাৰী সাজ যোৰ
পিন্ধি চোৱাচোন এবাৰ ,
মাজ কপালত আকি লোৱাচোন
পূর্ণিমাৰ জোন।
তেঁও ওঁঠ বিকতাই তাচিল্যৰ
হাহিঁ এটা মাৰে
তেতিয়া মই কওঁ আকৌ এবাৰ ন-
কইনা জনী হৈ চোৱাচোন
সেই বোৱাৰী,বোৱাৰী লগা পোচাক যোৰ
পিন্ধি
এবাৰ মুকলি আকাশৰ তললৈ গৈ চোৱাছোন।

++++++++++++++++++++++++++++++

কবি :: দাদুল ভূঞা
জিলা:- শোনিতপুৰ,গহপুৰ(মাগনি)
মো:-৭৮৯৬৫০৬১৫৫/9859289325

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,562
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,072
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,618