কথা দিলো --- অৰুণাভ কুমাৰ নাথ

কথা দিলো মই পুনৰ উভতি আহিম
মোৰ প্ৰেমেৰে জীপাল কৰিম তোমাক
মোৰ অবৰ্তমানত মোৰ অনুভৱৰ সৈতে সংগোপনে থাকিবা তুমি
মোৰে শপত নাকান্দিবা তুমি,
নিৰন্তৰ নিৰৱিচ্ছিন্ন যাত্ৰাৰ অন্তত মই উভতি আহিম
কথা দিলো তোমাক

জীৱনৰ দ্বাৰা লাঞ্চিত হৈছো বহুবাৰ
তথাপিতো পৰাজয় স্বীকাৰ কৰা নাছিলো মই,
ব্ৰজ্ৰসম দৃঢ় সংকল্পৰে পাষাণৰ দৰে দৃঢ় হৈ
মই মোৰ জীৱন ইতিহাস নিৰ্মান কৰিব বিচাৰিছিলো
কাৰণ ময়েই মোৰ ঈশ্বৰ, ময়েই মোৰ গুৰু
আৰু ময়েই হৈ পৰিলো মোৰ ধ্বংসৰ কাৰণ ৷

তোমাক অকলশৰে এৰি অহাটো কিমান দুঃসহ বেদনা তাক মই কিদৰে বুজাম ?
নাকান্দিবা তুমি
তোমাৰ হৃদয়বিদৰা কষ্টই মোৰো হৃদয় অভিভূত কৰি তুলিব
তুমি জানো তাক বিচৰা ?
মোৰে শপত নাকান্দিবা তুমি
কথা দিলো পুনৰ উভতি আহিম ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,092
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,082
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,038
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,930
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,635