কবিতাবোৰ হেনো অদৰকাৰী শব্দৰ দ’ম --- হেমেন নাথ নিয়ৰ

আকাশৰ সমান হেপাঁহেৰে
তোমালে আছো ৰৈ
মৰমবোৰ যেন মৰম নহয়
জীয়া সপোন ৷
জীৱনৰ কঠিন শিলত কটা
এক জীয়া বাস্তৱ ৷
আবেলিৰ বিসন্ন আকাশৰ দৰে
বিসন্ন মোৰ মন ৷
তোমাৰ স্মৃতিবোৰে নিতৌ খহাই
বুকুৰ চপৰা ৷
মনত আছে ৰঙীন আবেলি এটা ৷
হাতত-হাত ধৰি তুমি যে কৈছিলা –
“জানা, মই কবিতা খুব ভালপাওঁ ৷”
আৰু মই তোমাৰ বাবেই
বহুতো উজাগৰি নিশা পাৰ কৰি
লিখিলো কবিতা ৷
কেৱল তোমাৰ বাবেই ৷
আৰু এদিন,
অবতৰৰ বৰষুণ জাকৰ দৰে
হঠাৎ তুমি আহি ক’লা –
“মই আজি-কালি কবিতা ভাল নেপাওঁ ৷”
তৰাৰে জিলমিল আকাশত
দূখৰ এমুঠি কলিয়া ৰং সিঁচি
তুমি আহি ক’লা –
“মই আজি-কালি কবিতা ভাল নেপাওঁ ৷
কবিতাবোৰ তেনেই পচি যোৱা
অদৰকাৰী শব্দৰ দ’ম ৷”
ভাৱনাৰ এক চাকনৈয়াত পেলাই থৈ
তুমি গুছি গ’লা ৷
শব্দৰ অদৰকাৰী দ’মৰ মাজত
পেলাই থৈ তুমি গুছি গ’লা ৷
চিৰদিনৰ বাৱে হেৰাই গ’ল
মোৰ আকাশৰ জোনাক ৷
তাৰ পাছতো মই কবিতা লিখিলো ৷
তোমাক মনত পেলাই লিখিলো ৷
তোমাক পাহৰিবলে দূখত লিখিলো ৷
এতিয়াও মই,
কবিতাৰ অদৰকাৰী দ’মৰ মাজতেই
তোমাক বিচাৰি চাওঁ ৷
কিজানি মই,
তোমাক বিচাৰি পাঁও ৷

++++++++++++++++++++++

হেমেন নাথ নিয়ৰ
পলাশবাৰী, কামৰূপ , অসম
ফোন নং : ৯৫৭৭১৫৪৫৭৯

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,492
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:758
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,781
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,187
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704