কবিতা :: অনুভৱ মোৰ বেদনাৰ --- কুণ্ডল কুমাৰ বৰা

মুমুৰ্ষু নিৰৱ নিবিড় যন্ত্ৰণা
সামাজিক নীতিবোৰে
খুলি খুলি ফোপোলা কৰিছে
মোৰ মন , মোৰ হিয়াঁ |
বিষাক্ত কৰিছে মোৰ উশাহবোৰ
শৰীৰৰ প্ৰতিডাল সিৰা-উপসিৰা
দেই-পুৰি জৰ্জৰিত কৰিছে,
কলিজাৰ কুহেঁ-কুহেঁ মাথোঁ
বিহলঙনিৰ গৰলবোৰ.....

মন যায় কেতিয়াবা..
সাঁতুৰি-নাদুৰি এই বিষাদ তৰঙ্গিনী
হৈয়াঙে-দৈয়াঙে গুচি যাবলৈ,
দিগন্তৰ পৰিধি নেওচি,
সপ্তৰঙী জেউতীসনা মুকুতাৰ প্ৰকাশ
বুটলিবলৈ মন যায় |

গণ্য-মান্যৰ নগ্ন ডিঙিত পিন্ধাই
সেই আলোক মুক্তাৱলীবোৰ,
আৰু কাঁইটবোৰ আজুৰি আজুৰি
উঘালি পেলাবৰ বৰ মন যায় মোৰ...
দিবানে হে! মোৰ প্ৰাণৰ.....
একাঁজলি সুবিধাৰ আশীষ |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,629
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,849
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,399
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,933
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:260
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,961