কবিতা :: অনুশীলন --- সমুজ্জ্বল ডেকা

তোমাৰ হিয়াখন মোৰ হিয়াত থ'লা বন্ধকত
নতুবা মোৰ হিয়াখন তোমাৰ তাত সীমাহীন আশাত
মুক্ত অনুশীলনেৰে সংপৃক্ত আজি জীৱনৰ বাট
কৰিম একেলগে আমি এখনি জীৱন নাট ৷
...
মোৰ দুহাতত তোমাৰ দুহাত থোৱা
চকু মুদি মুক্ত আকাশৰ তলত
অনুভৱ কৰাচোন বিশালতা
ৰামধেনুৰ ৰঙবোৰে সুধিব যেতিয়া কি ৰঙৰে সপোনবোৰ পূৰাবা
মই কিন্তু ক'ম —
য'ত আছে ভালপোৱাৰ গভীৰতা
য'ত আছে মৌনতাৰ অযুত আশা
য'ত আছে উশাহৰ লহৰৰ আধ্যাত্মিক বন্দনা
য'ত আছে দুটি উশাহ আৰু দুটি মন এটি হোৱাৰ চৰমসীমা
যিয়ে দেখুৱাব সুখ আৰু দুখ উভয়তে সমভাগিতা
সেই ৰঙেৰেই পূৰাম স্বপ্নাতুৰ অযুত কল্পনা ৷
...
তুমি অবিহনে মই নিঠৰুৱা
মই অবিহনে তুমিও
এইবোৰত দৰ-দাম ক'ত আছে কোৱা?
যি অনুশীলনত অন্তৰ্ধান জীৱনত হেৰুওৱাৰ অন্তিমটি ঠিকনা...!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,653
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,221
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,423
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:298
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,639
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,098