কবিতা :: অস্ত-ৰাগ --- অৰ্চনা জি. শইকীয়া

কিমান বিশাল হ'ব পাৰে মৌনতাৰ পৰিধি!

মন আৰু শৰীৰ..

এই নিয়ন্ত্ৰিত দূৰত্বৰ মাজত

মনত সূৰ্যটি উদয় হয়

আৰু শৰীৰত অস্ত;

আকৌ মনত উদয়..

এই বৃত্তৰ মাজত মানি চলা হয়

সহাৱস্থান নীতি,

মাত্ৰ তাত‍ সংগীবিহীন মৌনতা।

মৌনতাৰ পৰিধি বিশাল..

মন কিম্বা শৰীৰৰ উচ্চতাই

ঢুকি নাপায় মৌনতাৰ সীমনা।

যি সীমনাত ৰাগৰ অৱস্থান-

হিমনীলৰ আঙুলিৰ পৰশত

কঁপি কঁপি বাজি উঠে জীৱনৰ

সাতোটা আক্ষেপৰ ৰাগ..

তাত মৌনতাই কাণ পাতি শুনি থাকে

অব্যক্ত অনাখৰী স্পন্দন..।

সেই ৰাগ অস্ত যায় জীৱনৰ খেলপথাৰত..

মন আৰু শৰীৰৰ তিক্ততাত

মৌনতাবোৰ হেৰাই যায় ক'ৰবাত।

জীৱনৰ চকৰীটোত লাহে লাহে

আকৌ আৰম্ভ হয় উদয়-অস্ত

মন-শৰীৰৰ উদ্ধত নৃত্য॥

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,196
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,594
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,000
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,975
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,513
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,951