কবিতা :: অস্থিত্বহীন তোমাৰ স্মৃতি --- বিপুল কাকতি

ৰিমিজিমি
মোৰ সপোন উৰে
দুচকুৰ সপোনে পথ হেৰুৱাই
তোমাৰ কাষলে উৰি যায়
মোৰ সপোনৰ ঠিকনা পাই

নিৰিৱিলি পদুলিৰ ৰজনীগন্ধাই
কাহিলি পুৱাত সুবাস হেৰুৱাই
মোৰ সপোনত তোমাৰ
সেমেকা সেমেকা পৰশ পাই

কুৱঁলীৰ কানে কানে
স্মৃতিৰ উচুপনি জানো
শুনা তুমি Rose ???
নিশাৰ আন্ধাৰে
যেতিয়া মোক ৰিনিকিয়াই!!!

জিৰি জিৰি জোনাকী পৰুৱা
তিৰ বিৰ কৰে
তোমাৰ অপেহ্মাত
মোৰ হৃদয়ত ঋতু আহে

হেপাঁহৰ বাগিছাত
সৰা শেৱাঁলী পাহিৰ চিকিমিকি
সেমেকা সেমেকা দুৱৰিৰ দলিচা
কুঁৱলীৰ আচলে ঢাকি

শৰতৰ শেতেলি সন্ধা
ঘৰমূৱা পখীৰ দৰে মোৰ
মন উৰনীয়া,
ঠিকনাহীন সপোনে ;
বিষাদৰ গীত জুৰি
শেষ নিশাৰ
শেঁৱালী পাহিৰ সুবাসত সৰা
নিয়ঁৰ কোলাত
কান্দি কান্দি কয়
বেদনাৰ কবিতা

মোৰ সপোন হাবাথুৰি
হৃদয়ৰ অজান হেপাঁহৰ
মুখা পিন্ধি
উকা কপালৰ কলকলনি
শুনো হেৰুৱা গীতৰ উচুপনি

জিমি জিমি সপোন
উৰি উৰি
হেৰুৱা পথৰ ঠিকনা
বিচাৰি বিচাৰি
মোৰ মনৰ মাথো
তোমাৰ কাষলে যোৱাৰ হাবাথুৰি !!!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,766
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:233
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,779
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,563
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523