কবিতা :: আধালিখা কলংকিত ডায়েৰী --- সমুজ্জ্বল ডেকা

সমুজ্জ্বল ডেকা's picture

কলেজীয়া জীৱনৰ
তুমি মোৰ দুৰ্দান্ত প্ৰেমিকা
তোমাক ভালপোৱাৰ প্ৰতিদান মোৰ দৰে প্ৰেমিকৰ পৰা
তুমি ভুলতো নিবিচাৰিবা
মই হাত কাটি বুলাই দিব পাৰো
তোমাৰ উঁকা কপালত ৰক্তৰ ফোঁট
শিৰত আঁকি দিব পাৰো একেদৰেই সৰলৰৈখিক স্ৰোত ৷

তুমি দুওঁঠত লিপষ্টিক বুলালে ধুনীয়া লাগে
কাহানিবা ৰক্ত বুলোৱা বুলিহে ভয় লাগে
ভয় লাগে এইকাৰণেই
তুমি যেন ৰক্তবোৰ বুলাই বুলাই
মোক শেষ কৰি গৈ আছা !
মোৰ কলিজা ৰক্তিম
ৰক্তবোৰ যদি তোমাৰ দুওঁঠতহে থিতাপি ল'ব খোজে
তুমি কি কৰিবা ?
দিবানে নিদিবা ?
মোৰ ৰক্তবোৰ তোমাৰ ওঁঠত জিলিকিলে ভালো লাগে
ভাল লাগে এইকাৰণেই
মই যে আজিপৰ্যন্ত তোমাৰ জীৱনান্দৰ উপাদান হ'ব পাৰিছোঁ
তুমি কিন্তু মোৰ পৰা ইয়াতকৈ অধিক আশা নকৰাও
কিয় নাজানো ?
তুমি মোক আজিকালিতো অপদাৰ্থ-আৱৰ্জনা বুলি ভাবিব ল'লা ৷

এবাৰ তুমি জোনৰ দৰে শীতল হৈ দেখুৱাই দিয়া
যাতে তোমাৰ সান্নিধ্যত মন মোৰ শীতল হয়
তোমাৰ নিচিনাকৈ মোৰো দেহত
ৰক্তবোৰ নদী হৈ সাৱলীল গতিত বয় ;
হঠাৎ আঁতৰি নাযাবা
তুমি আতৰি গ'লেই
সময়ৰ গভীৰ কোলাত জীৱন ডায়েৰীখন আধালিখা হ'ব
মইতো সাজু দিবলৈ তোমাৰ বাবে জীৱন দান ৷
কিন্তু মনত ৰাখিবা মইও বাধ্য
মই বৰ নষ্ট
জীয়াই থাকোতেই কিনো পালো কিনো হেৰুৱালো
তাৰ হিচাপ দি যাম
তাৰ বাবেইতো জেপতে ৰাখিছো উপযুক্ত খতিয়ান ৷
নাই আৰু তোমাক একোৱেই নকওঁ
ইয়াতেই লিখনিবোৰ সীমাবদ্ধ কৰি থওঁ
শেষবাৰলৈ মোৰ বোৱতী ৰক্ত নৈখনিত
আমাৰ অতীতৰ স্মৃতিবোৰ সোঁৱৰি
তোমাৰ পৰা একেবাৰেই হেৰাই যাওঁ ৷

শেহতীয়া কবিতা

মুঠ পঢ়ুৱৈ সংখ্যা: 208

সেমেকি সেমেকি টুপ্ টুপ্ সৰিল

চকুৰ বহল পতাত এজাঁক বনৰ হৰিণী চৰিল

বুকুখনিৰ ইপাৰ-সিপাৰ সোঁমাজেদি বোৱা নিজৰাৰ দুটি পাৰ;

মাৰাং অ' মাৰাং

তিয়াঁই তিয়াঁই জুৰোৱা মোৰ তীক্ষ্ণ উত্তাপিত পৰাণ ৷

গধূলিৰ শেৱালি ফুল গোন্ধতে আমোলমোল

টোপনি নাহে কি সাজে দুকাণত বাজি আছে

সুৰৰ ছন্দে-ছন্দে তোমাৰ হাঁহি কি যে গুণগুণ গুণগুণ ৷

(বি.দ্ৰ : মাৰাং শব্দৰ অৰ্থ হ'ল বৰষুণ ৷)

মুঠ পঢ়ুৱৈ সংখ্যা: 379

নুবুজিলো কেতিয়াও
হয়তো নোৱাৰিলো বুজাব
অথচ দিনে নিশাই প্ৰতিপল
অহৰহ বৈ থাকে
তোমাৰেই ভাবনা হৃদয়ত ।

নিষ্ঠুৰ তুমি নে মোৰ সময় ?
তোমাৰ নিচিনাকৈ মোৰো দেহত
শিৰে শিৰে ৰক্তকণা বৈ
দেহৰ ভাজে ভাজে
দূখ ভাগৰ, শোক চিন্তাই
অহৰ্নিশে তোমাৰো বাগৰ সলায়
কিন্তু কিয় আজি ইমান দুৰ্বল মোৰ অনুভৱ
চিগো বুলিয়েই জানো চিগিব পাৰি
হৃদয়ৰ বান্ধোন !

দেখিছিলো জানা মইওঁ
তোমাৰ দুচকুতে এটি সজল সপোন
সাজিছিলো মৰমৰ ঘৰ
তুমি .... মই .... আৰু আমি .... !

সময়ে সকলো সলায়
সময়ে সকলো পাহৰায়
জীৱনৰ দিশ আজি তোমাৰ সলনি হ'ল
প্ৰেমৰ নতুন শিহৰণেৰে মন আলোকিত হ'ল
সেয়ে চাগে তুমি পাহৰিলা
ভালপোৱাৰ বহু কথা …
এনে বহু আশা, বহু সপোন
যি মোৰ বুকুতে ৰৈ গ'ল আধৰুৱা হৈ ।।

মুঠ পঢ়ুৱৈ সংখ্যা: 495

নীৰৱতা তাইৰ বিলাস !

নহয়..., নহয়...।

কথাৰ ছন্দেৰে মোৰ হৃদয়ৰ দলিচাত

তাই আল্পনা আঁকে ।

তাই আঁচুফুল হৈ ফুলে

জোনাকী মনৰ ঠিকনা তাই নাজানে ।

জীৱন বিলাসৰ সপোন দেখে ।

উদাস দুচকু কাজলেৰে ঢাকে।

তাইৰ বাবে মই আনমনা সপোন এটি হৈ ৰওঁ

তাই মোৰ নহয়

তথাপি তাইক ভালপাওঁ বুলি কওঁ ।।

মুঠ পঢ়ুৱৈ সংখ্যা: 4,154

পৰিস্কাৰকৈ ধুই দিবা বুলিয়েই
হিয়াখন মই তোমাক দিব বিচাৰিলোঁ
তুমি দুহাত মেলি নিজৰ বুলি ল'লা ঠিকেই
কিন্তু জানিব পাৰিলোঁ তোমাৰ হিয়াখনেই
আন কাৰোবাৰ ওচৰত বন্ধকত থোৱা আছে
হয়তো তোমাৰ প্ৰেমৰ দোকানখনত ভালপোৱাৰ ব্যৱসায়
মুদ্ৰাৰ বিনিময়ত খুব ভালেই চলে ৷
হ'ব তুমি আৰু স্পষ্টীকৰণ দিব নালাগে
তোমাৰ মিছা ভাবনাবোৰে পুৰণি যান-বাহনৰ ধোঁৱাৰ দৰে
বিষাক্ত গেছবোৰ নিগৰাই মাথো ক'লাৰে বুকু পোৰে ৷

তোমাৰ হিয়াতেই দেখোন লেতেৰা দ'মবোৰ আছে
পোক হৈ লাহে লাহে গেলিছে
তেজৰ লগত পূজ ওলাইছে
ঘিণ কৰিব নিবিচাৰিলেও
এটা অচিনা দুৰ্গন্ধ নাকত লাগি লাগি
মোৰহে অসুখ সঘনাই বাঢ়িছে
হল-হলাই বমি ওলাই বুকুখনি বিন্ধিছে ৷
তোমাক মোক নালাগে
যদি ভালপোৱাবোৰ বিনা মুদ্ৰাৰে চৰ্তবিহীনভাৱে
এখন হিয়াৰ পৰা আন এখন হিয়ালৈ অহৰহ আহে
তেনে ভালপোৱা লাগে
তেনে ভালপোৱা পাবলৈ বুকুখনে কিছুদিন লঘোণ খাটিও
আনন্দৰ মিচিকীয়া হাঁহিটি মৰাৰ অনুশীলন গঢ়ে ৷

মুঠ পঢ়ুৱৈ সংখ্যা: 613

মোৰ দোষ:::
তুমি বিচৰাৰ দৰে মই হ'ব নোৱাৰিলোঁ,
তুমি বেয়া পোৱাবোৰক মই ভালপাবলৈ শিকিলো ।

মোৰ দুখ:::
মই বিচৰাৰ দৰে তুমি হ'ব নোৱাৰিলা,
মই ভালপোৱা বোৰক তুমি ভালপাবলৈ নিশিকিলা ।

এতিয়া....
নিজৰ দুখ আৰু দোষক লৈ সুখী হ’বলৈ শিকিছোঁ ।

মুঠ পঢ়ুৱৈ সংখ্যা: 611

আকৌ এবাৰ আহা আমাৰ মাজলৈ
তুমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,
তোমাৰ কলমে শক্তি নিগৰাই
জাগ্ৰত কৰাহি
চহা কৃষক-বনুৱাক

‘নাঙল যাৰ, মাটি তাৰ’ এই শ্লোগানেৰে
আকৌ এবাৰ প্ৰতিবাদ কৰিবৰ হ'ল
দৰিদ্ৰ কৃষকৰ ওপৰত হোৱা
জমিদাৰী শোষণৰ

গোলামি কৃষকৰ পথাৰত
ভূমিৰ অধিকাৰৰ বীজ এমুঠি
আকৌ এবাৰ সিঁচি দিয়া।
তোমাৰ কেঁচা মাটি গোন্ধৰ কবিতা,
অসমীয়া জাতিৰ জয়গানৰ সংগীতেৰে
আকৌ এবাৰ জোকাৰি দিবৰ হ'ল,
প্ৰগতিবাদী ভাৱনাৰ অনুধাৱনৰ জৰী ডাল

হে কলাগুৰু
তুমি আহাঁ আকৌ এবাৰ
আমাৰ মাজলৈ
তোমাৰ কলাৰে
জাতিষ্কাৰ হওঁ আমি একেলগে,
জিলিকাই তোলো আমি
অসমী আইক চিৰকাললৈ

মুঠ পঢ়ুৱৈ সংখ্যা: 475

মুখৰ হাঁহিটিৰে ক'জলা ৰাতিবোৰ পুৱাই

বুকুৰ উচ্চতাত কোনে মূৰ দোৱাই

ৰ'দ সনা বৰষুণৰ টোপালবোৰত চকুলোঁবোৰ লুকাই

নৈখনি নুশুকাই

প্ৰেমৰ বীজ সিঁচি সিঁচি জীৱনে মাথো সপোনৰ ৰঙবোৰ দেখুৱায় ৷

মুঠ পঢ়ুৱৈ সংখ্যা: 397

নৈ পাৰৰ শিমলু জোপাৰ আঁৰত

থিয় হৈ তোমাক মই চাব পাৰোঁ

ঘৰমুৱা বেলিৰ হেঙুলীয়া কিৰণে

হেঙুলীয়া কৰি তোলা তোমাৰ

চুলিতাৰিৰ প্ৰেমত মই পৰিব পাৰোঁ

তোমাক সপোনত দেখি নিজক

সুখী কৰিব পাৰোঁ

কিন্তু তোমাক মই ভাল পাব নোৱাৰোঁ

কাৰণ তোমাক দিবলৈ মোৰ

আন একো নাই আছে মাথোঁ

এখন কঙাল হৃদয় যি তোমাৰ

প্ৰেমক ধৰি ৰাখিবলৈ অসমৰ্থ ।

মুঠ পঢ়ুৱৈ সংখ্যা: 418

আপোন বতাহ জাক
আহে আৰু উভতি যায়

ভাৱনাৰ সূতাডাল কঁপি কঁপি থৰ লাগে ।

আৰম্ভণি বোৰ শেষ হয়,
আৰু শেষ বোৰ স্বাভিমানী হৈ উভতি আহে

সন্দেহ বোৰ সলনি হয়,
শেষ নহয় ।

তথাপি তোক ভালপাওঁ (সন্দেহ নাই)
তইটো মোৰ জীৱন,
মোৰ স্বাভিমান ।

মুঠ পঢ়ুৱৈ সংখ্যা: 397

সেউজীয়াৰ পাৰত

হেঙুলীয়াবোৰ বুটলি থাকোতে

তুমিয়েইতো আকোঁৱালি লৈছিলা

হিয়া শাঁত পৰা

তোমাৰ কোমল আন্তৰিকতাৰে,

এদিন তুমিয়ে কৈছিলা

জোনাকত উমলি থকাই নহয় জীৱন

এইবোৰ ক্ষন্তেকীয়া

ফুটচাইৰ দৰে,

দূখবোৰ আহিলে বহিব দিয়া

কলিজাতে আসন পাতি

আঁউসীৰ আন্ধাৰকো লোৱা আকোঁৱালি

আমাৰ বাবে অন্যতম এয়া,

কিন্তূ এতিয়া যেন .....

নিসংগতা আৰু মৃত্যু একেই

নিৰব কৰি তুলিছে ই

মোৰ সকলো চেতনা …….. ।।

মুঠ পঢ়ুৱৈ সংখ্যা: 393

তুমি আহিছিলা
মোৰ সপোনত
যেতিয়া শেৱালি ফুলি
তল সৰিছিল…

তুমি আহিছিলা
অতি গোপনে গুজি দিছিলা
প্ৰেমৰ এটি বীজ
মোৰ উকা হৃদয়ৰ চোতাল খনত…

আহিছিলা তুমি
কুঁৱলিৰ ফাঁকে ফাঁকে
আনিছিলা তোমাৰ
সেমেকা চুলিৰ মাদকতা..

আৰু মই কেৱল
তধা লাগি চাই ৰ’লো
শৰৎৰ চন্দ্ৰকো পিছপেলোৱা
তোমাৰ অতুলনীয়তাক…

তুমি আহিছিলা
এজন চিত্ৰকৰৰ
তুলা চালনীৰ যেন
অমৰ সৃষ্টিহৈ…
তুমি আহিছিলা
হৃদয়ৰ প্ৰতিতো ভাজত
তোমাৰ নামটি
লিখিবলৈ…

তুমি..তুমি আহিছিলা
মোৰ সপোনত
যোতিয়া মোৰ অভাবী হৃদয়খনে
উচুপিছিল
হয় তুমি আহিছিলা ।।।

মুঠ পঢ়ুৱৈ সংখ্যা: 547

আকাশী তৰা মই ,
ৰাতি ফুলা আকাশী তৰা ,
পুৱাৰ কাঁচলি ৰ'দত বিচাৰিলে
মোক জানো পাবা .... ৷

দুৱৰি বনৰ বুকুত
তৰাৰ দীপালী ৰচা ,
আকাশৰ বুকুৰ পৰা হঠাৎ খহি পৰা
মই যে নিয়ৰ এটোপা ..... ৷

তোমাৰ বুকুত এচটা শিল হৈ পৰা
যাদুকৰী ওঁঠযোৰ কাহানিও ঢুকি নোপোৱা
মই যে এটি প্রেমৰ গাঁথা
অস্তিত্ব হেৰুৱা ........ ৷

এৰাতিৰ বেদনাৰে বুকু ভৰা
মই যে শেৱালি তলসৰা ,
উজাগৰী দুচকুৰ পতাত থমকি ৰোৱা
মই যে এটি সপোন
আধৰুৱা ....... ৷

মুঠ পঢ়ুৱৈ সংখ্যা: 394

সপোনৰ বালি ঘৰ

সাজোঁতে সাজোঁতে জীৱনৰ আধা খিনি বয়সে মহটিয়াই নিলে

মনলৈ ফাগুন নমাৰ সময়ত পচোৱাজাকে বুকু উজাৰি নিলে

ল’ৰালিৰ দিনবোৰে মন উন্মনা কৰে

যাব খুজিও সময়ে আগভেটি ধৰে ৷

পোনপটীয়া জীৱন বাটত কিমান খলাবমা

সময় আৰু পৰিস্থিতিয়ে কিমান যে খেলিব নিৰৱ নৱ খেলা ৷

ল’ৰালিৰ মিঠা সুবাস বোৰে মোক বলীয়া কৰে

নিতৌ দলিচা পাৰে নস্টালজীয়াৰ

এক জীয়া সপোনৰ ৷

মুঠ পঢ়ুৱৈ সংখ্যা: 281

কোনোবা এটা উৰুঙা বসন্তত
ৰুমালখন এৰি আহিছিলা
শূন্য চকীখনত।
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল ।

ৰুমালত লাগি থকা পাৰফিউমৰ গোন্ধটোৱে
মোক প্ৰায়েই লৈ গৈছিল সেই বাগিচাখনলৈ
যাৰ ফুলবোৰে মোক কোনোদিনে উপলুঙা কৰা নাছিল।
বাগিচাখনলৈ গ’লেই ফুলবোৰ জীপাল হৈ উঠে
ফুলবোৰ যেন একো একোখন ৰঙীন ৰুমাল ।

ৰুমালখনৰ অবিহনে পাৰ হৈ গ’ল কেইবাটাও বসন্ত
ৰুমালখন উৱলি গ’ল
ৰুমালখন হেৰাই গ’ল
ৰুমালখনৰ গোন্ধটো নাকত লগা যেন পাঁও
উভতি যাঁও বাগিচাখনলৈ হেৰুৱা বসন্তবোৰক বিচাৰি ।

মুঠ পঢ়ুৱৈ সংখ্যা: 454

জোনৰ পোহৰত ৰিম-জিম কৈ

আহিলা মোৰ বুকুলৈ

চিক-মিক কৈ দূপৰ ৰাতি

আহিলা মোৰ বুকুলৈ

আকাশত জিলিকি থকা তৰাবোৰৰ দৰে

তোমাৰ যে মূখখনি জোনৰ দৰে

নিয়ৰত তিতি বুৰি কম নেকি

কোন নো তুমি ?

মুঠ পঢ়ুৱৈ সংখ্যা: 572

সন্ধিয়াৰ মুনিচুনি পৰত

বেলিৰ কোঁৱৰ

ভাগৰত ধলি ...

বুকুত সাৱতি সন্ধ্যাৰানীক

পছিমত দুবিল ।

হেপাহৰ সপোনক সামৰি ।

আজীৱন ;

খুলিব নোৱৰাকৈ

প্ৰেমৰ গাথি'

আৰু, দুয়ো দুয়োৰে

নৱনৰস হিয়াত, উমলিব নিতৌ

প্ৰতিশ্ৰুতিৰে,

দুয়ো দুয়োকে ।

মুঠ পঢ়ুৱৈ সংখ্যা: 512

নিজৰ জীৱন জ্বলাই
আনক পোহৰ বিলোৱা,
অই অভিসপ্ত মোম
কোনেও নুবুজে তোৰ ত্যগৰ মূল্য ।
এনেকৈ জ্বলি জ্বলিয়ে তই
শেষ হ’বি এদিন ,
এয়াই তোৰ কপালৰ লিখন ।

হয়তো এদিন সকলোৱে বুজিব
তোৰ ত্যগৰ মূল্য,
যিদিনা অমাৱস্যাৰ ক’লা আন্ধাৰে
আগুৰি ধৰিব সকলোকে ।
যেতিয়া নাথাকিব জোনৰ পোহৰ
আৰু নাথাকিবি নিজৰ জীৱন জ্বলাই আনৰ জীৱনক পোহৰাবলৈ তই।

মুঠ পঢ়ুৱৈ সংখ্যা: 390

ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাওঁ যেতিয়া

চোতালত কপৌ চৰাই এজাক আহি পৰে তেতিয়া

পোহনীয়া পাৰ চৰাইবোৰে

ৰুণ দি বাৰে বাৰে মাতে

দুৱাৰ খুলি দিলেই উৰি গৈ ঘৰৰ মূধচত পৰে ৷

আহ্ আহ্ আহ্ .....

মোৰ মাতত আশাৰ ৰঙবোৰ ভাহে

কপৌজাকৰ স'তে সিহঁতে একেলগে উমলে

মিতিৰালিৰ ভাষা মৰমৰ ভাষা সিহঁতে ভালকৈ বুজে

সেয়েহে হয়তো

মৰম প্ৰতিদানত আমৰণ মৰম যাঁচিব জানে

শান্তিৰ প্ৰতিদানত আমৰণ প্ৰশান্তি যাঁচিব জানে

নহ'লেনো মূল্যবোধৰ ভাবনা উৰণৰ আচৰণত কেনেকৈ জাগে ৷

ইহঁতৰ উৰণৰ বা লাগি

মোৰ দগ্ধ হৃদয়ত প্ৰাকৃতিক শীতলতা নামে ৷

হাতত লৈ চাউল,চিৰা আৰু দাইল গুটি

মুঠি- মুঠি নিতৌ দিওঁ সিঁচি

ঠোঁটেৰে খাইছে এফালৰ পৰা বুটলি বুটলি

স্বচ্ছতাৰ ভাষাও হয়তো সিহঁতে জানে

সিহঁতে জানে স্বচ্ছতাই দেখুৱাই যে বিৰল কৃষ্টি-সৃষ্টি ৷

কি বাৰু নাজানে....!

শেৱালি সৰা বতৰত

মইনাই লৰি-ঢাপলি আহে

তলসৰা শেৱালি খৰাহীতে ভৰাই

তাই কি যে আনন্দত উমলে

ৰাতিপুৱাৰ শেৱালি আৰু ইয়াৰ সুবাস

মুঠ পঢ়ুৱৈ সংখ্যা: 512

মই যে কিয় ইমান দুৰ্ভগীয়া

কেতিয়াবা ভাৱো নিজৰ

জীৱনটোৰ কথা......

মই যে সচাঁই নিথৰুৱা

কাৰোবাক চিৰদিনৰ বাবে

হেৰুৱাৰ বেদনা......

আকৌ কাৰোবাক

নিচেই কাষত পাইও

পুনৰ হেৰুৱাৰ যন্ত্ৰনা !

তথাপি জীয়াই আছো

সকলো দুখ-বেদনা পাহৰি

বুকুত হেজাৰ আশা বান্ধি !

নাজানো কেতিয়া পৰিব....

এই সংগ্ৰামৰ অন্ত......

মোৰ মনে কেতিয়াবা

মোক কয়,মোৰ এই

সংগ্ৰাম এদিন নহয় এদিন

পৰিব হেনো বোলে অন্ত;

তথাপি যিদিনালৈ এই

সংগ্ৰামৰ নপৰে অন্ত,

সেইদিনালৈ চলি যাব

মোৰ এই সংগ্ৰামী মনৰ

সংগ্ৰামী কাৰ্য ।।।

মুঠ পঢ়ুৱৈ সংখ্যা: 1,200

পাৰ হৈ যোৱা

সময় বোৰ আকুহি

ধুসৰিত সোঁৱৰনিৰ সৈতে,

নিতৌ সহবাস এতিয়া,

চপৰা চপৰিকৈ খহে।

অবুজ আকাংক্ষা ।

বাৰে বাৰে আহে , আৰু

যাবলৈ নিদিয়াৰ

ৰনাংগনত যেন ব্যস্ত।

আত্মপ্ৰজয়েৰে ব্যক্তিগত অনুভব এটি ।

মুঠ পঢ়ুৱৈ সংখ্যা: 680

মই নাজানো প্ৰেমৰ
কিমান গভীৰতাত
মৌনতাই কথা কয়..।
মই নাজানো প্ৰতাৰণা
আৰু বিচ্ছেদৰ যন্ত্ৰণাৰ
অনুভৱ কেনেকুৱা হয়।
মই নাজানো,মই দেখা নাই।

শুনিছো প্ৰেমে হেনো
জীৱনক সুন্দৰ কৰে..।
বাস্তৱত মই তাৰ প্ৰতিফলন
দেখা নাই মই নাজানো।
মই কোনো দেহজ প্ৰেমৰ
কথা কোৱা নাই...
কিম্বা...
আধুনিকতাৰ বাঢ়নী পানীৰ
সোঁতৰ দৰে বাঢ়ি অহা প্ৰেম

বহুতো দেখিছো প্ৰেমৰ
প্ৰগলভ...
এইবোৰো যেন এক
প্ৰহেলিকাময় সাঁথৰ হে মাত্ৰ।
জীৱনক শেষ কৰি দিয়ে..
এনেকুৱা প্ৰেমে জীৱনৰ পথ
প্ৰশস্ত কৰে নে...
প্ৰেমক লজ্জানতহে কৰে....।

মুঠ পঢ়ুৱৈ সংখ্যা: 748

স্মৃতিৰ চিতাত জ্বলাই দিয়া নহ’ল
তুমি আৰু মই অঁকা ছবিখন
কাৰণ মই ভাল নাপাওঁ মৰিশালি
ভাল নাপাওঁ ধোঁৱাই আৱৰা আকাশ
বিচাৰিছোঁ মাথোঁ প্ৰাণমুক্তিৰ বিচনা

জ্বলাই দিয়া নহ’ল
মোৰ অতীতৰ সেউজীয়া ৰং
এতিয়া সেউজীয়াবিহীন জয়াল হৃদয়ৰ একোণত
প্ৰেতাত্মাৰ উদ্মাদ নৃত্যৰ জুণুক জুণুক নুপুৰৰ ধ্বনি ,
মই এতিয়া প্ৰেমিক চিৰ নিদ্ৰাৰ
নিসংগ মোৰ জীৱনটো মৰিশালি .....।

মুঠ পঢ়ুৱৈ সংখ্যা: 582

জন্মিয়েই বাঢ়িছা

মাটিৰ তললৈ বিন্ধিছা

পদূলি মুখখনি তোৰ বাবেই মনোমোহা ৷

ইমান সৰুতে পাইছিলো তোক

মাত্ৰ আছিলে দুটি পাত

এতিয়াতো যৌৱনা গাভৰু হ'লি

ডাল ভৰা পাতবোৰ সৰি সৰি

নেদেখা হয় ৰাতিপুৱা-গধূলিৰ অহা-যোৱা বাট ৷

মোৰ খং নাই

আইজনীও তোক বহুত ভালপায়

চিনাকি পক্ষীৰ গীত শুনি শুনি

তোৰ ফল পাবলৈ আশাৰে বাট চাই;

তোক ল'ৰালিৰ দিনৰে পৰাই বৰ ভালপাওঁ

দুহাত সাবটি কৰো হেঁপাহৰ আলিংগন

মনত আছেনে ?

কেতিয়াৰ পৰা লৈছিলো দায়িত্ব ভৰণ-পোষণৰ

ক'তনো লৈছিলি প্ৰশিক্ষণ তই ?

যোগান ধৰা পানী আৰু গোবৰ সাৰ কৰিবলৈ শোষণ ৷

লহপহকৈ বাঢ়িছিলি যেতিয়া

মোৰ সমান আনন্দ আছিলে কাৰ ?

সূৰুযৰ তাপত

বৰষুণৰ টোপালবোৰত.........

তোৰ জীৱনৰ শত আয়ুস আছে

সহিব নোৱাৰি জিৰাইছো মই

তোৰ বুকুৰ ক'লা শীতল ছাঁতে ৷

তোৰ কুমলীয়া সেউজী পাতত বসন্ত নামিলে

তোৰ ডালত পাতৰ আঁৰত

কুলিটিয়ে সুৰীয়া বিহুগীত জুৰিলে

তই ফুলাবি দেই সুগন্ধিত প্ৰেমৰ ফুল

নাথাকিলে ক'ৰবাত যৌৱনৰ ভুল

মুঠ পঢ়ুৱৈ সংখ্যা: 874

এমুঠি প্ৰেমৰ ৰহণ সানিব দিয়া

তোমাৰ উকা প্ৰাণত

এছাটি শীতল ছাঁ হৈ ৰৱলে দিয়া

চিৰদিন তোমাৰেই কাষত

এপাহ হেপাহঁৰ গোলাপ হৈ ফুলিব দিয়া

চিৰকাল তোমাৰেই ওঠত

এজাক প্ৰেৰণাৰ বৃষ্টি হৈ বোৱাব দিয়া

তোমাৰ শুকান খৰাং মনত ...

মুঠ পঢ়ুৱৈ সংখ্যা: 499

ৰিনিকি ৰিনিকি মনত পৰে
শীতৰ সেমেকা ৰ'দ কাঁচলিত বহি
বহু কথায়ে পাতিছিলো মনৰ
অনুভৱৰ দলিচাত যেন আজিও সেইবোৰে উচুপি উঠে।

পুৱতি প্ৰভাতৰ নতুনৰ ৰ'দালিত
বিচাৰি পাওঁ
মোৰ স্বপ্নময় অনুভৱৰ শিৰে শিৰে
বৈ থকা বৈতৰণীৰ কুলু কুলু
শব্দৰ নিনাদ ।

মোৰ অনুভৱৰ অগোচৰে নিৰুপম সময়বোৰে গতিশীলতাৰ ক্ষিপ্ৰ গতিৰে আগুৱাই গৈ থাকিল
তেজৰঙা বেলিৰ ভটীয়নি সোঁতৰ দৰে ।

অনুভৱৰ দলিচাত স্নিগ্ধ জোনাকৰ কিৰণত শীতৰ সেমেকা ৰাতিৰ বুকুত অনুভৱৰ দলিচাত মৃগনাভী সুগন্ধিৰ দৰে অনুভৱে যেন ঢৌ খেলি থাকে।
ৰিনিকি ৰিনিকি মনত পৰে....।

মুঠ পঢ়ুৱৈ সংখ্যা: 598

আৰু নুসুধিবা ভালপোৱা কি বুলি

জুমিটো চাইছাই বুকুত স্খলিত

কোমল আকাশ,

নাজানো কিয় পলাশ সৰাৰ পৰত

মুদি দিছিলা নয়ন যুগল

হেঁপাহ যাক বিচুৰ্ণ তোমাৰ

চকুৰ পতাত ৷

মুঠ পঢ়ুৱৈ সংখ্যা: 969

মোৰ হৃদয়ৰ মাজত

এখন ছবি আছে

কলিজাৰ তেজৰে আঁকিছো

ছবি খন

চাবলৈ মন গ'লেই

বুকুত হাত থৈ উলিয়াই আনো

সপোন আশা সুখ বিষাদ আঁকিছো ছবিখনত

আৰু এটা সমাধি য’ত

মোৰ প্ৰেমক সমাধিস্থ কৰা হৈছে ।

মুঠ পঢ়ুৱৈ সংখ্যা: 485

ভগা মাটিৰ ঘৰ
তাতেই সংলগ্ন পাকঘৰ

চৌকাত সুমুৱাইছে আধা কেঁচা খৰি
হে হৰি,
দেখিছানে বাৰু তুমি?
নাকে মুখে ডিঙিত হেঁচা মাৰি
ধোঁৱাই কৰিছে কিদৰে তাইক ধৰ্ষনৰ বলী ৷

কলিজাত জোৰ আছে
সেয়েহে তাই ফুৱাই আছে
যিমান পাৰে ফুৱাই আছে.......
বুকুৰ উশাহবোৰ বাহিৰ ওলাই আছে
বুকুৰ উচ্চতাত
আৰু কিমান উশাহ লুকাই আছে!
তেজস্বী জুই একুৰা জ্বলোৱাৰ
আপ্ৰাণ হেঁপাহ
তাইৰ প্ৰতিটো কম্পনত আছে.....!!

দেখিছো ঘৰখন বৰ লেতেৰা হৈছে
দেহৰ তেজবোৰ কাজলী হৈ মূধচত ওলমি ৰৈছে
দিনে দিনে বাঢ়িছে;
তাৰ মানে তাইৰ প্ৰচেষ্টাবোৰ অথলে গৈছে
বতাহ লাগি বিৰূপ ভংগিমাৰে কিনো কৰিছে
তাই আৰু ভয়ত মূৰ্চা গৈছে ৷
কিবা অচিনাকি কেঁচা দুৰ্গন্ধত
স্বচ্ছতাৰ সপোনবোৰ ক্ৰমশঃ গেলিব ধৰিছে....৷

উপায়হীন,
তাইৰোতো আত্মসন্মান আছে....!!

মুঠ পঢ়ুৱৈ সংখ্যা: 465

মোৰ মনত পৰে সেই দিনবোৰ

সেয়া আছিল অন্য এক সময়ৰ

হাইস্কুলত পঢ়ি থকা দিনৰ

তুমি আছিলা যেতিয়া কাষত

যদি ওলোটাই পাৰিলো হয় দিব

সেই সময় প্ৰবাহ, ধৰি সাবটি, চুমিব

ওঠজুৰি তোমাৰ চিকমিকাই থকা,

জীৱন মোৰ নিৰব যেন এতিয়া,

এক আধৰুৱা কাহিনী,

মই হেৰুৱাইছো মোৰ পৃথিৱী খন

খোলা চকুৰ আগত,

প্ৰেম আছিলা প্ৰথম চাৱনিৰ তুমি,

মই ভালপাওঁ তোমাক ছোৱালী ,

ভালপাওঁ তোমাৰ হাঁহি,

ৰাস্তাত দেখা পালো তোমাক আজি

তুমি আহি আছিলা খোজকাঢ়ি,

মূৰত ৰঙা গোলাপ সেন্দুৰ সানি

মোক চাই হাঁহিছিলা আৰু সেই

হাঁহিয়ে নিছিল মোৰ মন মগজু কাঢ়ি,

হৃদয়খনে কাৰো কথা ভবা নাছিল,

মাদলৰ ছন্দত হদয় লয় লৈছিল,

কিয় কাৰ কাৰনে নাজানি !

বেচেৰা ল'ৰা কাক ঠগি

থকা বুলি তুমি আছা ভাবি

তোমাৰ বাবে নাছিল তাইৰ হাঁহি ।

মুঠ পঢ়ুৱৈ সংখ্যা: 539

গোলাপৰ পাহি যেন তোমাৰ ওঠৰ হাহিঁত

আজি মৰমে খেলিছে

একণ দুকণ ঠুনুক ঠানাক মোৰ হিয়াত

আজি হেপাহো জাগিছে

মনৰে দলিছাতে আজি প্ৰেমৰে নাচোন

জোনাক ফুলিছে আজি হৈ তোমাৰে আপোন ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা