কবিতা :: আধৰুৱা প্ৰেম --- বিষ্ণু বড়া

যৌৱনৰ প্ৰহেলিকা
আঁকি ল’লো ধূসৰ ছবি
বোৱাই লোতকৰ নদী
প্ৰেমৰ সাগৰত সাতুৰী
নিজকে হেৰুৱালো তোমাক বিচাৰি

এচমকা ক'লামেঘে
মনৰ আকাশ আৱৰিল
বুকুৱেদি বাগৰিছে প্ৰতিদিন
তোমাৰ স্মৃতিৰে বিষাদ নামৰ নিজৰা এটি

জুৰুলা হোৱা মৰম
থৌকাসৰকা আশা আৰু
চেদেলি ভেদেলি হোৱা সপোন বোৰ
হৃদয়ৰ একোণত গোপনে সাঁচি
লিখিছোঁ ৰাতি দিন এক কৰি
তোমালৈ থকা ভালপোৱাবোৰে
পংক্তিয়ে পংক্তিয়ে কবিতাৰ ভাষা.....

আজিও মোৰ আশা
এজাক বৰষুণ হৈ
মোৰ অপেক্ষৰ অন্ত পেলাই
তুমি নামি আহিবা
মোৰ হৃদয়লৈ
সম্পূৰ্ণ হ'ব মোৰ আধৰুৱা কবিতা
আধৰুৱা প্ৰেমক তুমি জীপাল কৰিবা.......।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,499
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,536
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:677