কবিতা :: আপুনি যে এজন ব্যতিক্ৰমী পুৰুষ --- সেৱিকা হাজৰিকা

কোনে কৈছে
আপুনি এজন ব্যতিক্ৰমী পুৰুষ বুলি ?
কোনে কৈছে
আদৰ্শৰ শিকলিৰে মেৰ খাই থকা
আপোনাৰ মন বুলি ?
মোৰ অনুভৱ ,সকলো মিছা
হা হা হা .......
আপুনিও এজন ভদ্ৰতাৰ মুখাৰে নিজক ঢাকি ৰখা লোলুপ পুৰুষ |

নিজৰ গাত আনে বোকা নেদেখাকৈ
বোকাৰ খেল খেলিব বিচৰা
আপুনিও এজন আধুনিক পুৰুষ |

নাৰীৰ দেহৰ ঘ্ৰাণৰ সুগন্ধি লোৱা ,
আদিম বাসনাত ধুব যোৱা ,
আপুনিও এজন তথাকথিত সমাজৰক্ষক |

নাৰীৰ দেহৰ খলাবমাবোৰ
নিতৌ জুখিছে দুহাতে
কিন্তু উমান জানো পাইছে ?
সেই খলাবমাবোৰৰ ভিতৰত যে
এখন মৰম তৃষ্ণাতুৰ হৃদয় আছে ?

নিজৰ মুখেৰে হৃদয়ৰ বিজ্ঞাপন দিওতে
আপুনি জানো ভাবে ?
আপোনাৰ চলাহী কথাত
নিতৌ যে কাৰোবাৰ সপোন ভাগে ,
উমান জানো ৰাখিছে আপুনি ?
হৃদয়ৰ কিনা বেচা কৰোতে
কাৰোবাৰ নিমিলা লোকচানৰ অংকবোৰ ?

কোনে কৈছে
আপুনি যে এজন ব্যতিক্ৰমী পুৰুষ ?
আপুনিও দেখোন নাৰীৰ অৰ্থনীতি
মাথো ভোগবাদতেও সামৰিলে |
আপুনিও যে এজন আধুনিক পুৰুষ
পুৰুষত্বৰ শক্তিৰেই লুটি আহিছে
ক'ত দুৰ্বলা নাৰীক |

google_ad_client = "ca-pub-7266255229823793"; google_ad_slot = "8669829143"; google_ad_width = 336; google_ad_height = 280;

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:758
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,571
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,603
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,329
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,187