কবিতা :: আমি ইমান নিষ্ঠুৰ কেনেকৈ হওঁ --- জাহাঙ্গীৰ আলম

সেইদিনা আছিল ভেলেণ্টাইনডে
ইফালে সমগ্ৰ দেশৰ নবীন তৰুণতৰুণীৰ
ব্যাকুল মনৰ ভাৱবোৰ ব্যক্ত কৰাৰ ক্ষণ
এজনে আনজনৰ নয়নৰ সতে নয়ন মিলাই
ভৱিষ্যতৰ বাবে প্ৰতিশ্ৰুতি দিয়াৰ মন ৷

কিন্তু এইবাৰৰ ভেলেণ্টাইনডে যেন
আপোন ভাতৃ হেৰুৱাৰ দুখ আৰু শোকত
কান্দি কান্দিহে পাৰ কৰিব লাগাত পৰিল ৷

এই দিনটোতে কাশ্মীৰৰ পলৱামাত
এক বৃহৎ বোমা বিস্ফোৰণ হয়
আৰু দুইকুৰিমান জোৱান শ্বহীদ হয়
শ্বহীদৰ ছিন্ন বিছিন্ন দেহৰ টুকুৰাবোৰ
মেৰিয়াই বান্ধি অনা হৈছিল ৷

সেইদিনা সমগ্ৰ দেশবাসীয়ে চিৎকাৰ কৰি
চকুলৰ নৈ বোৱাইছিল
শ্বহীদৰ কেঁচা তেজৰ দাগবোৰ
কিজানি এতিয়াও কাশ্মীৰৰ পলৱামাৰ
শুভ্ৰ হিমৰ চেঁচা বুকুত সাক্ষী হৈ পৰি আছে ৷

এই মৰ্মান্তিক শোকৰ দিনটো আজি
আমি ইমান সোনকালেই পাহৰিলোঁ নে ?
আমি কিয় ইমান নিষ্ঠুৰ হওঁ
আপোনজন হেৰুৱাৰ যে কি বেদনা
কোনোবাই এবাৰ ভাবি চাইছেনে ?

শ্বহীদৰ পৰিয়ালৰ ইতিম শিশুসকলৰ
ভৰণপোষণৰ দায়িত্ব আজি কোনে ল’ব ?
কেনেকৈ সিহঁতৰ ভৱিষ্যত নিৰ্মাণ হ’ব
পিতৃহীন হৈ কিদৰে জীয়াই থাকিব
এয়া আমি কোনেও ভৱা নাই ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,271
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,465
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,784
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,362