কবিতা :: আমি বেকাৰ ল'ৰাবোৰ --- শেখৰ ভট্ৰাচাৰ্য

আমি বেকাৰ ল'ৰাবোৰ

একো একোজন গুণ্ডা

এই ভদ্ৰ সমাজৰ চকুত ।

পেট্ৰল-ডিজেলৰ দাম বৃদ্ধি

বিদ্যুতৰ মাচুল বৃদ্ধি

সাধাৰণ মানুহক হাৰাশাস্তিৰ

ফলত আহ্বান কৰা অসম বন্ধৰ বাবে

আমি বেকাৰ ল'ৰাবোৰ গুণ্ডা

চৰকাৰ আৰু প্ৰশাসনৰ চকুত ।

ধুনীয়া ছোৱালীক প্ৰপোচ কৰাই আমাৰ নিচিনা বেকাৰ ল'ৰাবোৰৰ কাম

সেইবাবে আমি গুণ্ডা

ছোৱালীহঁতৰ দেউতাৰ চকুত ,

পকেট খালি হ’লে

দামী উপহাৰ দিব নোৱাৰিলে

DSLR আৰু বুলেট নথকা হ'লে

আমিবোৰ হৈ পৰো অসভ্য ল'ৰা ছোৱালীহঁতৰ চকুত ।

আন্দোলন কৰিলে কমিউনিষ্ট

সমালোচনা কৰিলে বিৰোধী ,

আমি বেকাৰ ল'ৰাবোৰ প্ৰতিদিনে একো একোটা নতুন পদ পাইয়ে থাকোঁ ।

তথাপি কিয়বা ভাল লাগে

গুণ্ডা হ’বলৈ

দুৰ্নীতি দেখিলে প্ৰতিবাদ কৰিবলৈ,

সৰু সৰু কথাত দীঘলীপুখুৰী কপাবলৈ ,

ভাল লাগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছোৱালীৰ লগত প্ৰেম কৰিবলৈ ,

ভাল লাগে নেহৰু পাৰ্কত

তাইৰ লগত সন্ধিয়া কটাবলৈ,

আমাক যিমানে গুণ্ডা ,অসভ্য বুলি পদ নিদিয়ক কিয় ?

আমি বেকাৰ ল'ৰাবোৰ যে এনেকোৱায় ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:305
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,769
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,096
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,007
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,229
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,980