কবিতা আৰু মই --- শ্ৰী বিজয় পাংগিং

এতিয়াও মই নাজানো
মানৱ হৃদয়ৰ কোনটো চেতনাৰ পৰা
শব্দ সম্ভাৰ নিগৰী আহিলে কবিতাৰ উদ্ভৱ হয় ।

ব্যৱহাৰিক জীৱনৰ শব্দবোৰ
আচলতে কবিতা নহয় ।
কাৰোবাৰ লগত বার্তালাপ কৰাটোও কবিতা নহয় ।

তেন্তে কোন শব্দ সম্ভাৰবোৰ কবিতা ?
মানুহৰ হঁহা কন্দাবোৰটো কবিতা হবই নোৱাৰে !
কাৰোবাক খং কৰাটোযে মুঠেই নহয় !

তেনে কোনবোৰ হাতৰ আকবাক বোৰ কবিতা ?

হৃদয়ৰ প্রবিত্র কোনৰ
শৃঙ্খলাবদ্ধ বিয়াগোম অর্থপূর্ণ
শব্দ সমুহ কবিতা নেকী ?

প্রেমত মোহাছন্ন হৈ
অজানিতে উলাই অহা
আৱেগিক ছন্দবদ্ধ শব্দবোৰ কবিতা নেকী ?

সন্দেহত ই যদি সচা
তেন্তে মোৰ আৰু কবিতাৰ ফালে
গতি বন্ধ ;

কিয়নো এনে শৃঙ্খলাবদ্ধ , অর্থপূর্ণ , আৰু
আৱেগিক ছন্দবদ্ধ আদিবোৰ মোৰ একেবাৰেই অজ্ঞ ।

দৈনন্দিন জীৱনৰ বাস্তৱ জগতৰ
কোনো ৰক্তাত্তৰে ৰঞ্জিত লোকক
নৰখাদক বা মানৱ ৰুপি দানৱ বুলি লিখাটোৱে
আচলতে মোৰ কবিতাৰ শব্দৰ অর্থ ।

++++++++++++++++++++

কবি :: শ্ৰী বিজয় পাংগিং

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,027
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:247
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,147
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,308
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,024
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,003