কবিতা :: এইবেলি আঘোণত --- মেহেনাজ সৰকাৰ

এইবেলি আঘোণত
কুঁৱলীৰ সেওঁতা ফালি
কাক চাম জুমি জুমি
নেদেখাৰ ভাওজুৰি ?
তুমি যে আঁতৰি গ’লা
একেবাৰে হৃদয়ৰ পৰা

পিক ৰঙা নে লেকমি লিপিষ্টিক ৰঙা
ওঁঠৰ কথাৰে কবিতা লিখিম
নাইবা
খিলখিল হাঁহি নে
দাৱনীৰ কেচ কেচ কাচিখনৰ কথাৰে
ওঁহো ! কোনটোৱেই যে সঠিক নহ’ব
এইবেলি মোৰ বাবে
ব্যৰ্থতাৰ জুয়ে পুৰা কলিজাৰ
শুকান কেনভাছত

ধান কাটি পেলাই থোৱা
শূণ্য পথাৰখনেই হ’ব
এইবেলি মোৰ কবিতাৰ দৃশ্য পট
শূন্যতাৰ মাজত
আৰু এটি শূণ্য উপহাৰ দিম
এইবেলি আঘোণত ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,689
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,503
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:127
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:970
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,764
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,688