কবিতা :: এটি হেৰুৱা সপোন তুমি --- প্ৰীতি বৰা

যোৱা ৰাতি দেখিছিলো সপোনত তোমাক

সেমেকা দুটি নয়নেৰে

এপাহি ৰক্তজবা আগবঢ়াই দিছিলা তুমি মোক ।

তোমাৰ ঢৌ তোলা সেই বাদামী চুলিটাৰিত

নাছিল তেতিয়া জোনাকৰ স্নিগ্ধতা

নাছিল ডাৱৰৰ চেঁচা অনুভৱবোৰ

ঠিকনাবিহীন তৰাবোৰো নিস্প্ৰভ হৈ উঠিছিল

সিদিনা সন্ধিয়া ......

নীলা নীলা ডাৱৰবোৰ চপৰা চপৰে খহিছিল

তোমাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা ।

এতিয়া গভীৰ নিশা

মোৰ উশাহবোৰ মিলি যাব খুজিছে

এন্ধাৰৰ স'তে ।

ঘন হৈ আহিছে কলিজাৰ ভিতৰখন

বুকুৰ চামিয়ানাবোৰ খুলকি পৰিছে নিৰৱে

এখলপ এখলপ কৈ

তোমাৰ দুচকুৰ মুকুতা বিচাৰি ।

হৃদয়ৰ চৌপাশ আউসীৰ এন্ধাৰে আৱৰা

হৃদয়ৰ পঁ‌জাত কাহানিও বাজি নুঠে

তোমাৰ দুভৰিৰ নুপূৰৰ গুঞ্জন

দোপালপিতা বৰষুণ জাকত তিতি

মোৰ বাবে আজি আৰু কোনেও নৰয় ।

কোনেও নাগায় মোৰ বাবে এটি প্ৰেমৰ সংগীত

মোৰ উকা হৃদয়ত নুফুলে কাহানিও

এপাহি ৰক্তজবা ফুল ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,003
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:260
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,016
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,905
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,099
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,229