কবিতা :: এধানি মৰম --- দীপাংক শৰ্ম্মা

নিবিচাৰো মই ।
নিবিচাৰো মই, তোমাৰ মৰম ।
নালাগে, নালাগে তোমাৰ হাতৰ পৰশ ।
তুমি, এৰি যোৱাৰ দিনৰে পৰা, মইতো ইয়াতেই ।

নাজানো, কিয় বা এৰি গ’লা মোক ,
কিবা, বেয়া পালা ছাগে ।
চিন্তা নকৰিবা ।
তোমাক, আৰু কেতিয়াও আমনি নকৰো ।
তোমাৰ অবিহনেতো মই জীয়াই থাকিব নোৱাৰো ।
সেয়ে, এতিয়া মই মৃত্যুৰ শীতল কোলাত ।
চিনি পাইছানে মোক ?

মই তোমাৰ সন্তান, মা
যাক, তুমি আকোৱালী লৈছিলা ,
মাত্ৰ কেইটিমান মুহুৰ্ত্তৰ বাবে ।
আৰু ………

ল’ৰাল’ৰিকৈ মাজ নিশা, এৰি গৈছিলা,
চহৰৰ এই ডাষ্টবিনটোত ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,678
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,761
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,678
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,004
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,887