কবিতা :: এন্ধাৰৰ বাবেই পোহৰ --- সমুজ্জ্বল ডেকা

এন্ধাৰবোৰ টিঘিলঘিলাই যি বাটেৰেই ভ্ৰমিছে

সেই বাটেৰেই খেদি খেদি পোহৰে লগ ধৰিছে

এন্ধাৰ পোহৰৰ মিলনৰ চিনাকি মধুৰ ক্ষণটিত

ব্যাকুল হয় মোৰ মন

যেতিয়া নীৰৱতাৰ মাজত ভাহি আহে

শৰতৰ শেৱালিৰ আমোলমোল গোন্ধ ৷

জীয়াই থাকিবলৈ এন্ধাৰ লাগে

যিমানেই আমাক পোহৰৰ প্ৰয়োজন আছে

ব্ৰহ্ম পুৱাতে চৰাইজাঁকে গীত গাই

মনত মোৰ কিমান ভাবনা জাগে !

এন্ধাৰ অবিহনে পোহৰৰ জানো কিবা মূল্য আছে !

নাই! একো মূল্য নাই

যিদৰে দুখ অবিহনে সুখৰ

বিষাদ অবিহনে আনন্দৰ

কল্পনা অবিহনে বাস্তৱৰ..... !!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,072
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,256
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,082
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,038
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,328