কবিতা :: এয়াই মোৰ চেনেহী আই --- সমুজ্জ্বল ডেকা

দূৰৈৰ বাঁহীৰ সুৰে ৰাতিৰ নিজানত
মনক বৰকৈ আমনি কৰে
তথাপিয়ো নালাগে এয়া !
টোপনি নিয়াবলৈ মোৰ আইৰ নিচুকনি গীত আছে
যাৰ সুৰীয়া মাতত
অনুভৱবোৰ সামৰি মোৰ প্ৰাণে ভোক-পিয়াহ পাহৰে ৷
কপালতে হাতখনি বুলাই
যিয়ে ভালপোৱাৰ আদিপাঠ শিকায়
এয়াই মোৰ চেনেহী আই!
সুখময় কোলাত শুৱাই ভাগৰ আঁতৰাই
আৰু সপোনবোৰৰ স'তে তুলি-টালি
যিয়ে দিনে-প্ৰতিদিনে ডাঙৰ হোৱাৰ অনুশীলন কৰোৱায়
এয়াই মোৰ চেনেহী আই !
দুখ মোৰ ক'ত আছে ?
সুখ মোৰ জীৱনৰ আকাশে-বতাহে
দোষ আৰু ভুল আঙুলিয়াই যিয়ে সাহসেৰে সততাৰ পথ দেখুৱায়
এয়াই মোৰ চেনেহী আই !
মই কেনে আছোঁ নুসুধাকৈ
মোৰ চকুহাললৈ চাই মনৰ বতৰা পায়
ফাঁকি দি লাভ নাই তৎক্ষণাত ধৰা পেলায়
এয়াই মোৰ চেনেহী আই !
নিসংগ নহওঁ মই কাহানিও
সংগ দি হাঁহিৰে উমলিব তেওঁ জীয়াই থকালৈ
তাৰ পিছত মই অতীত বুলি ভবা পোহনীয়া স্মৃতিবোৰ আছে
ভৱিষ্যতৰ হেঙুলী ৰং সানিবলৈ
জোন-তৰালিও আছে
চিৰদিন থাকি যাব মোৰ স'তে আইৰ ভালপোৱাৰ মিঠা অনুৰোধমৰ্মে
চোতালৰ শেৱালিজোপাইও বৰষুণত হেঁপাহ পলুৱাই তিতিব
আইৰ আলসুৱা প্ৰেমৰ অনাবিল প্ৰতিশ্ৰুতিৰ বাবেই...!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,578
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,513
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,199
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:223
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,579
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,598