কবিতা :: কঙালী বিহু --- বিষ্ণু বড়া

উৎসৱ মুখি মনবোৰ
আবেগেৰে উপচি পৰে
নিঃকিন অনুভৱে আগুৰে

কঙালী মনবোৰেওঁ তোমাক
সুখ আৰু সমৃদ্ধিপূর্ণতাৰে
শাৰী শাৰী আকাশ বন্তি জ্বলাই
উলহ মালহেৰে উৎযাপন কৰে

আন্ধাৰত বন্দী ঋণাত্মক ভাৱনাবোৰ
তুমিয়েই মুক্ত মনৰ ভাৱসঞ্চাৰ কৰাহি.....

তুমিয়ে কঢ়িয়াই অনা
চহা দৰিদ্ৰ সকলৰ শুকাই পৰা মুখলৈ
এমুকুৰা সঁতেজ হাঁহি

কঙালী বিহু বুলিয়েই
লহপহায় বাঢ়ি অহা
পথাৰৰ শস্য ডৰালৈ সেৱা জনাই
উদং ভঁড়ালটিৰ পূৰ্ণতাৰ
সপোন ৰচে কৃষকে.......

------------
(অসমীয়াৰ হিয়াৰ আমঠু কাতি বিহু(কঙালী বিহু) ৰ অসমবাসীলৈ ওলগ জনালোঁ)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,594
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,411
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,883
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,000
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,793
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,196