কবিতা :: কথাৰ মাজতে --- প্ৰশান্ত ধোন সোণোৱাল

কথাৰ মাজতে সুধিছিলা হঠাৎ
'জীৱনটো কিয় ইমান বিষময় ?'
যি আছিল অপ্ৰত্যাশিত
প্ৰেমালাপৰ মাজত !

মই কৈছিলো, ' আমিয়েইতো বিষ ৷
জীৱনক দোষীছা কিয় ?'

এজাক নীৰৱতাই পৰশি গ'ল
এই মাত্ৰ...........

তুমি কৈছিলা, ' তোমাৰ পৰা মই সদুত্তৰ নাপাওঁ,
কিয় ইমান বেকাঁ তোমাৰ কথাবোৰ ?'

'আমিয়েই বেকাঁ.......
মোক দোষী লাভ কি ?'
----মোৰ স্বভাৱ সুলভ উত্তৰ,
যি তোমাৰ প্ৰত্যাশিত ৷

'তথাপিও তুমি পোন হৈ থকাৰ অভিনয় কৰা ৷
কিন্তু..... কিয়......?'

'এইয়া মুদ্ৰা দোষ'---মই ক'লো ৷

'মুদ্ৰা দোষ...?
কেৱল তোমাৰেই কিয় ?
আন কাৰোবাৰো তো থাকিব পাৰে ?'

'মই কোৱা নাই যে মোৰেই কেৱল......'

তুমি সুধিছিলা...
'তেন্তে কেনেকৈ ধৰি ল'লা
সেইয়া যে মুদ্ৰা দোষ ?
অন্য কিবাও তো হ'ব পাৰে.....'

মই কৈছিলো....
'ইয়াৰ অভিনয় ইমান নিখুত যে
ধৰিব নোৱাৰি; প্ৰকৃতত সেইয়া কি ?
অভিনয় কৰোঁতে কৰোঁতে
ই স্বভাৱৰ ৰূপ পালে !'

'এনেকুৱা হ'বই নোৱাৰে',.. তুমি চিঞঁৰি উঠিছিলা ৷

মই সুধিছিলো, 'তুমি দৰ্শনৰ কথা জানা ?'

তুমি ক'লা, 'থাকক দিয়া সেইবোৰ,
উভতি আহো বিষয় প্ৰেমলৈ !'

কিছু সময় নিৰবতাৰ অন্তত
নিৰৰ্থক হাঁহি এটাৰ অৰ্থ বিচাৰিব ধৰিলো ৷
যি মোৰ সাধ্যৰ বাহিৰত !!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,679
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,707
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,788
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,736
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,496
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523