কবিতা :: কথোপকথন --- মেহেনাজ সৰকাৰ

হিয়াৰ নিৰৱ উপত্যকাত
শব্দৰ সাধনাৰে
তোমালৈ মোৰ ভালপোৱাৰ
মন্দিৰ নিৰ্মাণ কৰিবলৈ ওলাইছো
তুমি সুখী নে ?

তুমি নামৰ জীৱনৰ শলিতাৰে
পোহৰাম বিশ্ব সংস্কৃতিৰ বাট
অনুভৱৰ প্ৰলেপ সানি
পোহৰৰ বাটে বাটে
জোনবাইৰ দেশলৈ
তুমি বাৰু যাবানে ?

সহস্ৰ জনতাৰ ভিৰ ঠেলি
এটা পঁজা ঘৰ সাজিম
সেউজীয়াৰ উম দি
হ'বনে ?

চকুৰ সমুদ্রতীৰত
নীৰৱে বয়
অনামী সুখৰ প্ৰগলভ যাত্ৰা
কাণ পাতি শুনা
বসন্তৰ উন্মাদনা ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,271
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,445
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,481
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,578
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,568