কবিতা :: কেনভাচ --- সোনমনি ৰাজ বৰুৱা

সপোনবোৰ থান-বান হৈ ভাঙিব ধৰিছে

সেউজীয়া পাহাৰখনৰ পৰা

জিৰ জিৰকৈ বৈ অহা পানী বোৰ

এতিয়া যেন স্তব্ধ হৈ পৰিছে ??

দূৰণিৰ শুকুলা আকাশখন

ক’লা ডাৱৰে আৱৰি ধৰিছে

অসহায় তাই আজি

দানৱ জাতি মানুহ বোৰে

তাইৰ কোমল দেহা তোৰ

সোৱাদ ল’ব ধৰিছে

তাই বাৰে বাৰে চিঞৰি উঠিছিল

মোৰ জীৱনটো এখন

কেনভাছৰে অঁকা ছবি নহয়

যাক মই মচি আঁকিম

এইটো মোৰ জীৱন

মই নোৱাৰিম আকৌ আঁকিব

এখন ৰঙীন ছবি ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:870
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,757
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,089
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,789
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,554