কবিতা :: কেনে আছা তুমি --- মেহেনাজ সৰকাৰ

অধিকাৰ জানো সোধাৰ ?
তথাপি
সুধিয়েই পেলালো - কেনে আছা তুমি ?

ৰ'বা , অলপ অতীতৰ বঠা মাৰি চাওঁ
মোৰ বাবে আজি কবিতা এটা লিখিবা
কি যে মিঠা আবদাৰ তোমাৰ
কবিতাই নুবুজো ,লিখিম কেনেকৈ ?
প্ৰেম পিয়াসী মন মোৰ
জোৰা - তাপলি মাৰিলে
কেইটামান শব্দৰ শাৰী
হয়তো তাতেই বৈ গৈছিল
প্ৰেম সমুদ্রৰ ধাৰা
মই আবৃতি কৰিলো
মন্ত্ৰ মুগ্ধ ছাত্ৰীৰ দৰে তুমি শুনিলা

অ' কেনে আছা তুমি
ঘৰৰ সকলো ভালনে ?
বৌদিহঁতৰ খবৰ কেনে ?
অধিকাৰ নাই
তথাপি সুধিয়েই পেলালো
সম্ভৱ হ’লে জনাবা
চিঠিৰে নহ’লেও
এটি এছ এম এছেৰে
নাইবা
সৰু এটা মিছ ক’লেৰে ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,616
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:145
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,703