কবিতা :: কোমল হৃদয় যাৰ --- সমুজ্জ্বল ডেকা

ৰাখিছিলা তুমি প্ৰেম-ভালপোৱাবোৰ

কাৰ বাবে ইমান আলফুলে সযতনে সাঁচি !

আজি কিয় ৰাখিছা তুমি ?

হৃদয়খন ইমান ডাঠ আৱৰণেৰে ঢাকি ৷

প্ৰতাৰণাৰ বলি হৈ

জীৱনত কি কি হেৰুৱালা তুমি ?

শংকিত নহ'বা সাহসী কিম্বা সচেতন হোৱা

কিয়নো সম্প্ৰতিও সমাজত টিঘিলঘিলাই ফুৰিছে

শত-সহস্ৰ মস্ত-মস্ত ভোকাতুৰ নিগনি ৷

জাত-পাত সিহঁতৰ নাই

ৰাতি দিন কোনো কথা নাই

চল পালেই মাথো কুটি যাই

তুমি নামাৰিবা

ভুলতো এনুৱা গভীৰ টোপনি

তেজ ওলালেও যিসকলে সাৰ নাপায় ৷

তুমি হেৰুৱালা যি

আৰুনো হেৰুৱাবা কি!

তাকে ভাবি ভাবি কটাবা তুমি কিমান দিন কিম্বা ৰাতি !

লাভ নাই

তুমি দুৰ্বল নহ'বা

তুমি হতাশও নহ'বা

নহ'লে সিহঁতে চল পাই

হৃদয়খনকে তোমাৰ থ'ব গিলি ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:228
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,902
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,385
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,532
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,654
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,639