কবিতা :: গুৱাহাটী বিশ্ববিদ্যালয় --- মৃত্যুঞ্জয় মন্ডল

ইউনিভাৰ্চিটি আমাৰ সপোনৰ

সকলোৰে সপোন মাথোন

ইউনিভাৰ্চিটি

ইউনিভাৰ্চিটি মানেই গুৱাহাটী বিশ্ববিদ্যালয়

নেজানো কিয় জানো

কৃষ্ণচূড়া নগৰীয়ে সদায়েই মাতি থাকে

কলেজীয়া জীৱন সামৰিবলৈ বেছিদিন নাই

এতিয়া আৰু বেছিকৈ

তোমাৰ সপোন দেখি আছো

হয় বিদ্যাশপত কৈছো

তোমাৰ বাবে মই পাগল হৈছো

তোমাৰ বাবে ভূপেন হাজৰিকাদেৱৰ

গাই যোৱা গীত

নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ কবিতা

বোৰ শুনিলে আৰু বেছি মনটো জাগি উঠে

গুৱাহাটী মহানগৰীৰ তুমিয়েই একমাত্ৰ সন্তান

যাৰ আছে অলেখ অলেখ অবদান

হিয়াৰ কোণত এতিয়াও মাথোন তুমি

অসমীয়াৰ পৰিচয় তুমি

প্ৰনামো তোমাক গুৱাহাটী বিশ্ববিদ্যালয় ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,459
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:82
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:209