কবিতা :: তাই মোক ভালপাইছিল নেকি --- মেহেনাজ সৰকাৰ

তেতিয়া নৱেম্বৰ মাহ
শাৰদীয় বতৰ
ৰুণজুন ৰুণজুন সপোনৰ মহা আয়োজন

শিমলু হৈ উৰিছিল ছোৱালীজনী
ফাগুনৰ ৰঙ তাইৰ দুচকুত
মুখত হাঁহিৰ নিজৰা নিৰৱধি
অনামী পছোৱাৰ ঢৌত
চিৎ পখিলী হৈ বাৰে বাৰে পৰিছিল
মোৰ সপ্নৰ নিলিম উদ্যানত

তাই মোক ভালপাইছিল নেকি ?

উহ! অসহ্য যন্ত্ৰণা
অংকৰ স্নাতক হোৱাৰ পিছতো
জীৱনৰ ক্ষুদ্ৰ অংকত ব্যৰ্থ

কি হ’ল কলেজত নোযোৱা
সময় হ’লেই দেখোন
উচপ খাই উঠো ভাৱনা জগতৰ পৰা
তাই বাৰু কিয় ভাৱে
ইমানেই মোৰ কথা
আ-চ-ল-তে তাই মোক ভালপায়
ওহোঁ ! নহয়
তাই বাৰু কিয় ভালপাব মোক
মোৰ দেখোন একোৱেই নাই

জুই জ্বলিছে
যৌৱনৰ জুই
ফাগুনৰূপী তাইৰ দুচকুৱে
তাকেই কৈছে কি ?

হ’বও পাৰে
হ’বও পাৰে

তাই মোক ভালপাইছিল নেকি
অংকৰ স্নাতক হৃদয় মোৰ
এতিয়াও কিন্তু নিমাত ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,823
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,167
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,695
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:218
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,697
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,726