কবিতা :: তোমাক পাই --- শেখৰ ভট্ৰাচাৰ্য

ৰাতিৰ জোনাকীৰ পোহৰত

এবাৰেই পালো লগৰীয়াক

উজনিৰ চাহ বাগিছাত ।

দিছিল সৰ্বস্ব উজাৰি

মোৰ দুহাতত

হাত থৈ

পৰম নিৰ্ভয়ত ।

পূৰ্ণিমা এতিয়াও আহে

লাহে লাহে

প্ৰতি মাহে মাহে

মোৰ স্মৃতিবোৰ জাগি উঠে

ডাৱৰৰ দৰে আঁতৰি

যায় লাহে লাহে ।

বুজি পাওঁ

অবিৰাম যাত্ৰাৰ ওভতনি নাই

সময়ৰ বালিত পথ যায় হেৰুৱাই

পোৱাৰ অপেক্ষাত আছো জীয়াই

গৌৰৱময় হ’ল জীৱন

তোমাক পাই ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,003
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,013
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,596
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,846
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,065