কবিতা :: তোমাক বৰ ভাল পাওঁ --- ড০ দীনেশ বৈশ্য

তোমাক বৰ ভাল পাওঁ
বৰ ভাল পাওঁ
হে মোৰ জীৱন

তোমাক ধন্যবাদ
হে জীৱন
তুমি দুখ দিছা
তুমি চকুলো দিছা
হাঁহি দিছা
কান্দোনো দিছা ।

তোমাক বৰ ভাল পাওঁ
তোমাৰ দুখ বোৰ মই
হেঁপাহেৰে চুই চাওঁ
তোমাৰ হেজাৰ প্ৰশ্নৰ
একো উত্তৰ নাপাওঁ
তথাপি হে জীৱন
তোমাক বৰ ভাল পাওঁ ।

জীয়াইতো থকা নাই
কেৱল দুখ পুহি আছো
মিচিকিয়া হাঁহিৰে কেৱল
চকুলো ঢাকি আছো

তথাপি তোমাক ভালপাওঁ
বৰ ভাল পাওঁ ।

তোমাৰ দুখৰ ৰ'দত
দেই পুৰিছোঁ
তোমাৰ মৰমৰ ছাঁত
অলপ জিৰাইছোঁ

হৃদয় ভৰাই তুমি
চকুলো দিলা
সকলো সপোন তুমি
ভাঙি থৈ গ'লা

তথাপি তোমাক
বৰ ভাল পাওঁ
হে জীৱন বৰ ভাল পাওঁ
বৰ ভাল পাওঁ তোমাক !

( ১৬/০৭/২০১৭)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:758
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,703
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,187