কবিতা :: তোমাক মই ভাল পাব নোৱাৰোঁ --- পংকজ ৰাজ কলিতা

নৈ পাৰৰ শিমলু জোপাৰ আঁৰত

থিয় হৈ তোমাক মই চাব পাৰোঁ

ঘৰমুৱা বেলিৰ হেঙুলীয়া কিৰণে

হেঙুলীয়া কৰি তোলা তোমাৰ

চুলিতাৰিৰ প্ৰেমত মই পৰিব পাৰোঁ

তোমাক সপোনত দেখি নিজক

সুখী কৰিব পাৰোঁ

কিন্তু তোমাক মই ভাল পাব নোৱাৰোঁ

কাৰণ তোমাক দিবলৈ মোৰ

আন একো নাই আছে মাথোঁ

এখন কঙাল হৃদয় যি তোমাৰ

প্ৰেমক ধৰি ৰাখিবলৈ অসমৰ্থ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,098
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,423
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:298
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,639
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:298
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,628