কবিতা :: তোমাৰ অনুপস্থিতিত --- দিপাংকৰ ভাগৱতী

তোমাৰ অনুপস্থিতিত আৱেলিৰ আকাশখনলৈ চাই ৰ'লে,
আৱেগ যেন হৈ পৰে সময়বোৰ,
তোমাৰ বাবে ৰচি ৰখা কবিতাবোৰেও আজি ,
সময়ৰ সোতঁত দিশহাৰা হৈ পৰে,
সন্ধিয়াৰ চেঁচা বতাহজাকে যেন,
আজি তোমাৰ অনুপস্থিতিক অনুভৱ কৰালেহি,
মই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ থকা এক অজান প্ৰেমিক।
অলেখ স্বপ্ন ৰচি পাৰ কৰা উজাগৰি নিশাবোৰ,
আৰু তোমাৰ বাবে সাচি ৰখা মৰমবোৰ,
বৰ যন্ত্ৰণা অ',
এতিয়া যেন সময়বোৰো নিষ্ঠুৰতাৰ মাজত আৱদ্ধ,
আকাশৰ উৰণীয়া নেজাল তৰা,
আৰু তোমাৰ সৈতে দেখা হোৱা একেই লগা হৈছে,
তোমাৰ অনুপস্থিতিত
বৰ মনত পৰে অ'।
সময়বোৰেও দি যায় মাথো হূমুনিয়াহ,
তোমাৰ অপেক্ষাত নাজানো ক'তযে বসন্ত বাগৰিল,
বুকুৰ মাজত ফুলিব ধৰা ফুলপাহিঁও যেন মৰহিব লাগিছে,
কুঁৱলীৰ মাজত যেন হেৰাই যাব ধৰিছে তোমাৰ চিনাকি মুখ খন,
কেতিয়াবা এনে লাগে,
যেন ৰৈ আছো অপাৰ সমুদ্ৰত এখন গৰাকী বিহীন তুলুঙা নাঁওত,
কেতিয়াবা যানো বুজিব পাৰিছা সেই যন্ত্ৰণাৰ গভীৰতাবোৰক,
তোমাৰ অনুপস্থিতিবোৰে নিশা মোৰ অশ্ৰু হৈ নিগৰে,
তোমাৰ নামৰ জোনাকৰ চাকিগচিক, হৃদয়ৰ ধূসৰিত পদূলিত আঁকিব মন যায় ।
অনুপস্থিতিবোৰকো পাহৰি,
পুনৰ বাট চাই ৰ'ম তোমালৈ,
তুমি আহিবা এজাক শীলত বতাহ হৈ,
হৃদয় নামৰ উকা কাগজখিলাত,
তোমাৰ ছবিৰে পূৰাবলৈ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,846
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,041
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:3,416
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,675
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,908
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,003