কবিতা :: তোমাৰ আকুল চাৱনিত --- মেহেনাজ সৰকাৰ

কি আছে তোমাৰ আকুল চাৱনিত
শাৰদীয় নিশাৰ
নিয়ৰ সিক্ত দুবুৰিৰ
মিঠা আলিংগন
নে পালতৰা জাহাজ উজনি দেশৰ
মৃদু গতিত বৈ যোৱা সঞ্জীৱনী নৈখন

তোমাৰ দগমগ মুখনি
কবিতাৰ প্ৰাণ কেন্দ্র
জীৱনৰ বাটত আঁউসী আঁতৰোৱা
উজ্জ্বল নক্ষত্ৰ

ভাৱনাৰ ৰথত উঠি
তোমাৰ সৈতে কথা কওঁ
শব্দৰ সৈতে ধেমালি কৰি
অন্যান্য অমিতাভ
তোমাৰ মায়াৱী চাৱনিত আকন্ঠ ডুব যাওঁ

কি আছে তোমাৰ আকুল চাৱনিত
ব্ৰহ্মপুত্ৰত ডুব যোৱা
ৰক্তিম সূৰ্যৰ ৰেঙনি
নে বিশ্ব ব্ৰহ্মাণ্ডৰ
সহস্ৰ প্ৰেম ৰসৰ মঞ্জৰি
কল্পনাৰ নিজৰাই তিয়াই পেলালে
বুকুৰ কুঠৰি ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,019
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:233
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,766
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,563
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,779
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687