কবিতা :: তোমাৰ প্ৰেমত পৰিছো নেকি ? --- সাগৰ সঞ্জীৱ

প্ৰেমত পৰিছো নেকি ?

হয়! তুমি ঠিকেই শুনিছা....

মই তোমাৰ প্ৰেমত পৰিছো নেকি ?

কিন্তু কিয় ? ময়ো নাজানো...

জোনাকৰ বৰষুণজাকত তিতিলে,

প্ৰকৃতিৰ সেউজীয়াবোৰ দেখিলে,

বহাগৰ আগজাননী লৈ অহা

কুলিৰ কু-কু মাতটো শুনিলে,

তোমালৈ বৰকৈ মনত পৰে.....

জোনবাইলৈ চালে তোমাৰ মুখনি যেন লাগে

তুমি যেন আঁৰৰ পৰাই মোলৈ চাইছা,

মাজে মাজে হাঁহিছা...কথা পাতিছা

আৰু কেতিয়াৱা অভিমান কৰিছা ।

এয়াই বাৰু ভালপোৱা নেকি ?

কিন্তু মোক নুসুধিৱা

কিমান ভালপাওঁ তোমাক....

হয়টো মই বুজাবলৈ অসমৰ্থ

আকাশৰ বিশালতা,

সাগৰৰ গভীৰতা...।।

তোমাৰ প্ৰেমত সকলো কৰিব পাৰো

মাথো ভালপোৱাৰ প্ৰমাণ দিবলৈ

মোক আত্মহত্যা কৰিব নক'বা !

অন্ততঃ জোনাকৰ বৰষুণজাকৰ বাবে

প্ৰকৃতিৰ সেউজীয়াবোৰৰ বাবে

চৰাই, পখিলা আৰু ফুলবোৰৰ বাবে

মই আত্মহত্যা কৰিব নোৱাৰিম ।

সিহঁতে যে মোক

মৃত্যুৰ অনুমতিয়ে নিদিয়ে ।।

google_ad_client = "ca-pub-7266255229823793"; google_ad_slot = "8669829143"; google_ad_width = 336; google_ad_height = 280; প্ৰেমত পৰিছো নেকি ? হয়! তুমি ঠিকেই শুনিছা.... মই তোমাৰ প্ৰেমত পৰিছো নেকি ? কিন্তু কিয় ? ময়ো নাজানো." data-share-imageurl="">

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,828
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,459
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:82