কবিতা :: তোমাৰ বাবেই জ্বলি আছে --- জানকী ৰায়

তোমাৰ বাবেই জ্বলি আছে

এতিয়াও জীৱনৰ বন্তি;

সজিৱ হৈ আছে

জীয়াই থকাৰ আশা ।

তোমাৰ অনাবিল প্ৰেমত

হেৰুৱাই পেলাইছো নিজকে

আত্মবিভূৰ হৈ পৰিছো তোমাত ;

তোমাৰ প্ৰেৰণাৰে

প্ৰাণ পায় উঠে প্ৰতিটো

শোকৰ ক্ষণ ।

কিন্তু আজি দেখিছো

হেৰুৱাই যাব বিচাৰিছা;

দিনে দিনে মোৰ পৰা

বিলিন হ’ব বিচাৰিছা

মোৰ অনুভৱৰ পৰা ।

তোমালৈ মনত পৰাৰ বাবেইতো

আজিও উজাগৰে আছো ৰৈ;

ব্যৰ্থতাৰ মেজত চোৱা

ব্যৰ্থ কাগজ কলম লৈ ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:127
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:970
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,503
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,791
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:153