কবিতা :: থকা-সৰকা --- শ্ৰী ৰাজেন দাস

কাৰ খবৰ কেনেকৈ গ'ল বিয়পি

আকাশে আকাশে বতাহে বতাহে

অতীত জীৱনৰ ধুঁৱলি-কুঁৱলি

ইতিহাসৰ পোৰা পাত

দশোদিশে থকা-সৰকা

মোৰ ধূলিৰে ধূসৰিত হিয়াৰ শিৰা -উৰশিৰাই এজোলোকা শাঁত

আবেগৰ মানচিত্ৰত

বানপানী আহিওঁ জানো কিবা লাভ হ'ব

কেতিয়াবা নিজকেইটো বিক্ৰি কৰোঁ মায়াজালৰ নাগপাশত

খবৰ ৰাখিব নালাগে দিবওঁ নালাগে সীমাহীন ৰদ্দোজ্বালিত ভাষাত

অশ্ৰু নিগৰিছে তুমি গঢ়া বিগ্ৰহ দেখি লেখি

কোনে পেলাবহি অন্ত

ডকাফুটা জুয়ে পৰা মহঙা হৃদয়ৰ

শিলৰ কামিজ

বেজি এটা আনি কোনোবাই বাটিঁব

সকলোৱে ভাল পাব পৰা

সমাজে থু নেপেলোৱা

গঙ্গা-যমুনা-সৰস্বতী নৈ |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,445
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,581
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,264
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,223
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,467