কবিতা :: দীপাৱলী --- সমুজ্জ্বল ডেকা

তমসা নাশিবলৈ জ্বলিছে চাকি
জ্যোতিৰে দিবলৈ জীৱনৰ ৰং আঁকি
সপোনবোৰে খেলিছে আনন্দ বুটলি
হেঁপাহবোৰ উঠিছে পৰ্বতসম উথলি ৷

দেখিছো আজি ক’তজনৰ অন্ধকাৰ মুখ
পোহৰ পৰি কিদৰে ফুলিছে সিহঁতৰ সুখ
জোনাক থাকিলেও জোনাক যেন নালাগে
কিয়নো প্ৰেৰণাৰ বন্তি জ্বলিছে আজি বাটে-ঘাটে ৷

নালাগে মোক বিশৃংখলতা কিম্বা আতচ বাজী
মৃত্যুলৈ মোৰ বহুত ভয় লাগে!
ৰঙা ৰক্তেৰে গা তিয়াঁই
শান্তিৰ হুমুনিয়াহ কঢ়া সেইজন নৰপিশাচ
কিজানিবা আমাৰ মাজতেই লুকাই আছে!
নীৰৱতাৰ গৰ্ভত উমলি ৰোৱা
মোক মাথো জীয়াই থাকিবলৈ
অকণমান হ'লেও শান্তি লাগে ৷
দীপাৱলী!
পামনে কাহানিবা ?
তোৰ বুকুতে মোৰ হেৰুওৱা সপোনবোৰ বিচাৰি
পামনে বাৰু সচাঁকৈ ?
মোৰ আশাৰ সঞ্জীৱনীস্বৰূপ
মধুৰতম অতীত কিম্বা স্মৃতিবোৰ বিচাৰি....!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,082
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,256
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,038
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,930
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,635